অসম

assam

ETV Bharat / city

কলিয়াবৰত ঠিকাদাৰ-কৰ্মচাৰীক প্ৰহাৰ কৰাৰ অভিযোগত দুজনক আটক - জলসম্পদ

কলিয়াবৰ বৰঘূলীত গৰাখহনীয়া প্ৰতিৰোধত নিয়োজিত একাংশ ঠিকাদাৰ,জলসম্পদৰ কৰ্মচৰীক আক্ৰমণত জড়িতৰ অভিযোগত দুজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । উক্ত ঘটনাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ১০৯/১২০বি/১৪৭/১৪৮/১৪৯/৩৩৮/৩৩২/২৯৪/৩০৭ নম্বৰ ধাৰাত চৈধ্যজন অভিযুক্তৰ বিৰুদ্ধে ৩৩/২০২০ নম্বৰ গোচৰ ৰুজু ৷

ETV BHARAT
কলিয়াবৰত ঠিকাদাৰ-কৰ্মচাৰীক প্ৰহাৰ কৰাৰ অভিযোগত দুজনক আটক

By

Published : May 28, 2020, 7:49 PM IST

কলিয়াবৰ, 28 মেঃকলিয়াবৰ মহকুমাৰ বৰঘূলীত জল সম্পদ বিভাগৰ ঠিকাদাৰ-কৰ্মচাৰী আক্ৰমণৰ ঘটনাৰ লগতে জড়িত দুজন লোকক আটক আৰক্ষীৰ ৷ ইতিমধ্যে ধৃত লোকদুজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত গোচৰ ৰুজু হয় ৷

কলিয়াবৰত ঠিকাদাৰ-কৰ্মচাৰীক প্ৰহাৰ কৰাৰ অভিযোগত দুজনক আটক

কলিয়াবৰ মহকুমাৰ বৰঘূলীত ব্ৰহ্মপুত্ৰৰ ভয়ানক গৰা খহনীয়াৰ মাজতে সংঘটিত হৈছিল এক আক্ৰমণৰ ঘটনা। যোৱা ২৬মে তাৰিখে কলিয়াবৰ বৰঘূলীত গৰাখহনীয়া প্ৰতিৰোধত নিয়োজিত একাংশ ঠিকাদাৰ আৰু জলসম্পদৰ কৰ্মচাৰীক আক্ৰমণত জড়িতৰ অভিযোগত দুজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । উক্ত ঘটনাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ১০৯/১২০বি/১৪৭/১৪৮/১৪৯/৩৩৮/৩৩২/২৯৪/৩০৭ নম্বৰ ধাৰাত চৈধ্যজন অভিযুক্তৰ বিৰুদ্ধে ৩৩/২০২০ নম্বৰ গোচৰ ৰুজু হৈছিল উলুৱনী আৰক্ষী থানাত । ইতিমধ্যে চৈধ্যজন অভিযুক্তৰ ভিতৰত দুজন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ‌। ধৃত অভিযুক্ত দুজন জিয়াবুৰ ৰহমান আৰু চাইফূল ইচলাম বুলি চিনাক্ত কৰা হৈছে। উল্লেখযোগ‍্য যে, ঈদৰ পিচদিনাই ব্ৰহ্মপুত্ৰই খহাই নিছিল অঞ্চলটোৰ নিৰ্মাণ সম্পূৰ্ণ নোহোৱা এটা পকী মছজিদ । সেই ঘটনাক কেন্দ্ৰ কৰি ব্ৰহ্মপুত্ৰত পাৰ্কুপাইনৰ কাম কৰি থকা ঠিকাদাৰৰ কৰ্মচাৰী আৰু কৰ্মী ৰাইজৰ ৰোষৰ বলি হ'ব লগা হয়। ক্ষোভিত ৰাইজে শিলগুটি আৰু ইটাৰে আক্ৰমণ কৰাত মেচিন নাওখনত থকা কেইবাজনো কৰ্মচাৰী আৰু কৰ্মী আঘাটপ্ৰাপ্ত হৈ চিকিৎসাধীন হ'বলগীয়া হয় । তাৰোপৰি এখন মেচিন নাৱেৰে বৰঘূলিৰ মছজিদৰ খহনীয়াৰ বুজ ল'বলৈ অহা জলসম্পদ বিভাগৰ ঠিকাদাৰ-অভিযন্তাকো আক্ৰমন কৰিছিল বুলি গুৰুতৰ অভিযোগ আছিল ধৃত লোক কেইজনৰ বিৰুদ্ধে ৷

লগতে পঢ়ক-সনাতন ডেকা হত্যাকাণ্ডৰ চতুৰ্থজন অভিযুক্ত আটক

ABOUT THE AUTHOR

...view details