ধিং,4 মে': নগাঁও জিলা প্ৰশাসনে ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত ধিং গাঁৱৰ দুটাকৈ পৰিয়ালৰ ৭ জনকৈ ব্যক্তিৰ দেহত ক’ভিড-19 ৰ উপস্থিতি ধৰা পৰে ৷ 7 গৰাকীকৈ ব্য়ক্তিৰ দেহত ক’ভিড-19 ৰ উপস্থিতিৰ পাছতেই সংশ্লিষ্ট বাসগৃহ দুটা ১৪ দিনৰ বাবে কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰে জিলা প্ৰশাসনে ৷
নগাঁৱৰ দুই পৰিয়ালৰ বাসগৃহ কণ্টেইনমেণ্ট জ'ন ঘোষণা - ক’ভিড 19
নগাঁও জিলাৰ ধিঙৰ দুই পৰিয়ালৰ বাসগৃহ কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা ৷ পৰিয়াল দুটাৰ 7 গৰাকীকৈ ব্যক্তি আক্ৰান্ত কৰ’ণাত ৷
![নগাঁৱৰ দুই পৰিয়ালৰ বাসগৃহ কণ্টেইনমেণ্ট জ'ন ঘোষণা ধিঙত দুটাকৈ পৰিয়ালৰ 7 গৰাকীকৈ ব্যক্তি কৰ’ণাত আক্ৰান্ত](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11639645-928-11639645-1620132407746.jpg)
ধিঙত দুটাকৈ পৰিয়ালৰ 7 গৰাকীকৈ ব্যক্তি কৰ’ণাত আক্ৰান্ত
কণ্টেইনমেণ্টত থকা ঘৰসমূহত বাহিৰা যিকোনো ব্যক্তিৰ অহা-যোৱাৰ ক্ষেত্ৰত বাধা আৰোপ কৰাৰ লগতে বাসগৃহ দুটাৰ ব্যক্তিসকলক ঘৰৰ বাহিৰলৈ অহা-যোৱা কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷
লগতে পঢ়ক :পুনৰ মমতা দিদিৰ কান্ধত পশ্চিমবংগৰ শাসনভাৰ