ৰূপহীহাট, 20 আগষ্ট :ৰাজ্যত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা ৷ পুনৰ অসমীয়া জাতিলৈ, অসমীয়া ভাষালৈ আহিছে সংকট ৷ বহিঃ ৰাজ্যত নহয়, অসমতে বঙালী ভাষীয়ে অসমীয়াৰ ওপৰত দমনমূলক নীতি চলোৱাৰ এক অভিযোগ উত্থাপন হৈছে ৷ এই অভিযোগ উত্থাপন কৰিছে দুগৰাকী অসমীয়া যুৱতীয়ে ৷
ঘটনাৰ স্থান ৰূপহীহাটৰ জুৰীয়া ৷ অভিযোগ অনুসৰি, ৰূপহীহাটত ভাৰতীয় মৰাপাট নিগমৰ জুৰীয়াস্থিত আঞ্চলিক কাৰ্যালয়ৰ দুই বঙালী ভাষী শীৰ্ষ বিষয়াই দুই অসমীয়া যুৱতীক বঙালী ভাষা ক’বলৈ মানসিকভাৱে বিগত কেইবামাহ ধৰি হেঁচা প্ৰদান কৰি আহিছিল ৷ আনকি বঙালী চিনেমা চাই বঙালী ভাষা শিকিহে দুই বঙালী ভাষী শীৰ্ষ বিষয়াৰ সৈতে কথা ক’বলৈ হেঁচা প্ৰদান কৰি আহিছিল দুয়োগৰাকী যুৱতীক ৷
অৱশেষত ধৈৰ্যৰ বান্ধ ছিগি যোৱাত বৃহস্পতিবাৰে দুই যুৱতীয়ে কেমেৰাৰ সন্মুখতে বিষয়া দুগৰাকীৰ বিৰুদ্ধে উত্থাপন কৰে অভিযোগ ৷ অৱশ্যে এই কথা নস্যাৎ কৰিছে কাৰ্যালয়টোৰ দুই শীৰ্ষ বিষয়া ক্ৰমে সঞ্জয় কুমাৰ বৰ্মন আৰু শিৱকুমাৰ জানাই ৷