অসম

assam

ETV Bharat / city

নগাঁৱত পিষ্টলসহ আৰক্ষীৰ জালত দুই কুখ্যাত ডকাইত - জব্দ সজীৱ গুলীসহ পিষ্টল

আৰক্ষীৰ জালত নগাঁৱৰ গুলীচালনাৰ ঘটনাৰ অভিযুক্ত ৷ জব্দ সজীৱ গুলীসহ পিষ্টল ৷ গুলীচালনাৰ ঘটনাত ব্যৱহাৰ কৰা বাইক জব্দ ৷

নগাঁৱত পিষ্টলসহ আৰক্ষীৰ জালত দুই কুখ্যাত ডকাইত
নগাঁৱত পিষ্টলসহ আৰক্ষীৰ জালত দুই কুখ্যাত ডকাইত

By

Published : Feb 27, 2021, 5:53 PM IST

নগাঁও, 27 ফেব্ৰুৱাৰী : বিগত 22 ফেব্ৰুৱাৰীত নগাঁৱৰ পলাশনীত সংঘটিত চাঞ্চল্যকৰ গুলীচালনা ঘটনাৰ মূল অভিযুক্তক পাঁচ দিনৰ অন্তত কৰায়ত্ত কৰিছে নগাঁও আৰক্ষীয়ে ৷ ধন লুটৰ উদ্দেশ্যে এজন ব্যৱসায়ীক গুলীয়াই আহত কৰাৰ পিছত নগাঁৱৰ ইটাচালি আৰক্ষী চকীৰ আৰক্ষীৰ এটা দলে অভিযান চলাই শনিবাৰে আটক কৰিবলৈ সক্ষম হয় ঘটনাৰ মূল অভিযুক্ত দুই কুখ্যাত ডকাইতক ৷

নগাঁৱত পিষ্টলসহ আৰক্ষীৰ জালত দুই কুখ্যাত ডকাইত

শনিবাৰে নগাঁৱৰ শিয়ালমাৰীৰ পৰা নগাঁও আৰক্ষীৰ দলটোৱে অভিযান চলাই আটক কৰে ৰূপহীহাটৰ জিয়াবুৰ ৰহমান আৰু আজিবুৰ ৰহমানক ৷ ধৃত দুই অভিযুক্তৰ পৰা চাৰিজাঁই সজীৱ গুলীসহ এটা 7.65 এম এম পিষ্টলো জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটো ৷ লগতে গুলীচালনা কৰাৰ সময়ত ব্যৱহাৰ কৰা এখন নম্বৰ প্লেটবিহীন বাইকো জব্দ কৰে আৰক্ষীয়ে ৷

নগাঁৱত পিষ্টলসহ আৰক্ষীৰ জালত দুই কুখ্যাত ডকাইত

লগতে পঢ়ক :ছয়গাঁৱত 'চাহ উদ্যান'ৰ আধাৰশিলা স্থাপন

ABOUT THE AUTHOR

...view details