চামগুৰি, 16 মাৰ্চ :কৰযোৰে চামগুৰিত অৱস্থান কৰিলে একাংশ দুৰ্ভগীয়া শিক্ষকে (Teachers protest at Samguri) ৷ তেওঁলোকৰ মাজত আছে কোনোবাজন বয়োবৃদ্ধ, আন কোনো এজন আকৌ বিশেষভাৱে সক্ষম ।
লাওখোৱা আৰু ৰূপহী শিক্ষাখণ্ডৰ অধীনৰ প্ৰায় অৰ্ধ শতাধিক প্ৰাদেশিকীকৃত মধ্য ইংৰাজী শিক্ষকে(টিউটৰ) মঙলবাৰে চামগুৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ মুখ্যমন্ত্ৰীক তেওঁলোকৰ প্ৰতি সদয় হোৱাৰ বাবে হাতযোৰ কৰি জনায় কাতৰ আহ্বান জনায় (All Assam Provincialised ME Tutor's letter to CM) ।
চামগুৰি আৰু ৰূপহীহাটৰ বিভিন্ন অঞ্চলত থকা প্ৰাদেশীকৃত বিদ্যালয়সমূহত বিনা বেতনেৰে সুদীৰ্ঘ কাল ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰি অহা শিক্ষকসকলক তদানীন্তন চৰকাৰখনে মাহে ১০ হাজাৰ টকা পাৰিতোষিক ধাৰ্য কৰি কেৱল টিউটৰ হিচাপে স্বীকৃতি প্ৰদান কৰাক কেন্দ্ৰ কৰি এতিয়া ক্ষুণ্ণ হৈ পৰিছে তেওঁলোক ।