অসম

assam

By

Published : Dec 29, 2021, 8:10 PM IST

ETV Bharat / city

Cow Smuggling in Assam: কলিয়াবৰত চোৰাংকৈ সৰবৰাহ কৰা গৰুভৰ্তি কন্টেইনাৰ জব্দ

গো-সুৰক্ষাৰ আইন(Assam Cattle Preservation Bill 2021)ক অংগুষ্ঠ দেখুৱাই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ অব্যাহত আছে অবৈধ গৰু সৰবৰাহ(Cow Smuggling in Assam) । আৰক্ষীৰ চকুত ধূলি দিয়াৰে চেষ্টাৰে চোৰাং বেপাৰীয়ে এতিয়া গৰু সৰবৰাহৰ বাবে ব্যৱহাৰ কৰিছে কন্টেইনাৰ ।

Truck Carrying Cows Seized in NH 37
কলিয়াবৰত গৰুভৰ্তি কন্টেইনাৰ জব্দ

কলিয়াবৰ, 29 ডিচেম্বৰ :কলিয়াবৰ আৰক্ষীয়ে মঙলবাৰে নিশা অভিযান চলাই এখন গৰু ভৰ্তি কন্টেইনাৰ জব্দ কৰে ৷ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে এ এচ ০১ চি চি ৮১৪৩ নম্বৰৰ এখন কন্টেইনাৰত অবৈধভাৱে সৰবৰাহ কৰি অনা হৈছিল গৰুকেইটা ৷ বাগৰি আৰক্ষীয়ে গোপন সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত এই অভিযান চলাই জব্দ কৰে গৰুকেইটা(Truck carryong cows seized by Kaliabar police) ৷

বাগৰি আৰক্ষীয়ে কন্টেইনাৰখনৰ পৰা উনত্ৰিশটা গো-ধন উদ্ধাৰ কৰে । উজনিৰ পৰা কঢ়িয়াই অনা হৈছিল চোৰাং গৰুকেইটা ৷ অৱশ্যে কন্টেইনাৰখনৰ চালক-হেন্দিমেন ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় ।

কলিয়াবৰত চোৰাংকৈ সৰবৰাহ কৰা গৰুভৰ্তি কন্টেইনাৰ জব্দ

ইফালে বাগৰি আৰক্ষীয়ে কন্টেইনাৰখনৰ পৰা দুটা ম'বাইল ফোন জব্দ কৰিবলৈ সক্ষম হয় ৷ সম্প্ৰতি আৰক্ষীয়ে ম’বাইল দুটাৰ জৰিয়তে কন্টেইনাৰখনৰ চালক-হেন্দিমেনৰ লগতে সৰবৰাহকাৰীকেইটাৰ সন্ধান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :Anti-drug drives and operation: নগাঁৱত ড্ৰাগছসহ আটক দুই ব্যৱসায়ী

ABOUT THE AUTHOR

...view details