মৰিগাঁও/নগাঁও, 15 জানুৱাৰী :পৰম্পৰা ৰক্ষা কৰি পহিলা মাঘত মধ্য অসমত অনুষ্ঠিত হ’ল ম’হ যুঁজ ৷ গোণা ম’হৰ যুঁজত কঁপিল নগাঁও আৰু মৰিগাঁৱৰ ম’হ যুঁজথলী ৷ উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞাক সন্মান জনাই অনানুষ্ঠানিকভাৱে ম’হ গুৱালসকলে অনুষ্ঠিত কৰিলে ম’হ যুঁজ ৷
ৰহাৰ দেওবালি, আঁহতগুৰি, মৰিগাঁৱৰ বৈদ্যবড়ীৰ পথাৰত যুঁজিলে 50 হালৰো অধিক গোণা ম’হে ৷ এফালে গোণা ম’হৰ তয়া-ময়া ৰণ, আনফালে ম’হ যুঁজ উপভোগ কৰিবলৈ পাই ৰাইজৰ উছাহ ৷ ঢোল-পেঁপা আৰু বেণ্ড পাৰ্টিৰ শব্দত ৰজন জনাই উঠিল ম’হ যুঁজ থলীসমূহ ৷ ম’হ গুৱালৰ লগতে ডেকা-বুঢ়া সকলোৰে মনত দেখা গ'ল ব্যাপক উছাহ ৷