অসম

assam

ETV Bharat / city

ৰূপহীহাটত অবৈধভাৱে মাটি কঢ়িওৱা ট্ৰেক্টৰ জব্দ - অবৈধ ভাৱে মাটি কঢ়িওৱা দুখন টেক্টৰ জব্দ

বৃহস্পতিবাৰে গড়াজান আৰক্ষীয়ে ৰূপহীহাটৰ গড়াজানত অবৈধভাৱে মাটি কঢ়িওৱা দুখন টেক্টৰ জব্দ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ পূৰ্বেও ৰূপহীহাটৰ চক্ৰ বিষয়াৰ নিৰ্দেশত জুৰীয়া আৰক্ষীয়ে জেচিবিসহ দুখনকৈ ট্ৰেক্টৰ জব্দ কৰিবলৈ সক্ষম হৈছিল ।

Tractor seized
Tractor seized

By

Published : Apr 29, 2021, 8:46 PM IST

ৰূপহীহাট, ২৯ এপ্ৰিল: ৰাজ্যত অব্যাহত আছে ভূ-মাফিয়াৰ তাণ্ডৱ । চৰকাৰী ৰাজহ ফাঁকিৰে একাংশ অসাধু ব্যৱসায়ীয়ে নদ-নদী খনন কৰি চলাই আছে মাটিৰ ৰমৰমীয়া বেহা । ৰূপহীহাটত এনে ভূ-মাফিয়াৰ বিৰুদ্ধে এইবাৰ সৰৱ হোৱা দেখা গ’ল আৰক্ষী । বৃহস্পতিবাৰে গড়াজান আৰক্ষীয়ে ৰূপহীহাটৰ গড়াজানত অবৈধভাৱে মাটি কঢ়িওৱা দুখন টেক্টৰ জব্দ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ পূৰ্বেও ৰূপহীহাটৰ চক্ৰ বিষয়াৰ নিৰ্দেশত জুৰীয়া আৰক্ষীয়ে জেচিবিসহ দুখনকৈ ট্ৰেক্টৰ জব্দ কৰিবলৈ সক্ষম হৈছিল ।

চৰকাৰী নীতি-নিৰ্দেশনাক আওকাণ কৰি যধে-মধে মাটি কঢ়িয়াই থকাৰ বাবেই জব্দ কৰে ট্ৰেক্টৰ দুখন ৷ সম্প্ৰতি টেক্টৰ দুখন গড়াজান আৰক্ষীৰ তত্ত্বাৱধানত আছে ৷ লগতে টেক্টৰ দুখনৰ বিৰুদ্ধে আইনীভাৱে উপযুক্ত জৰিমনা বিহিব বুলিও জানিব পৰা গৈছে ৷ দৈনন্দিন অবৈধভাৱে মাটি সৰবৰাহ কৰা এইসমূহ ট্ৰেক্টৰৰ বিৰুদ্ধে কঠোৰ হ’বলৈ বন বিভাগক দাবী জনাই আহিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক: ডিব্ৰুগড় আৰক্ষী চাউনিত আলফা নেতা জীৱন মৰাণ

ABOUT THE AUTHOR

...view details