অসম

assam

ETV Bharat / city

পত্ৰ প্ৰেৰণ কৰি আমছু নেতাই পত্নীক দিলে তিনি-তালাক

জুৰীয়াৰ আমছু নেতা আব্দুল লতিফে ডাক যোগে পত্ৰ প্ৰেৰণ কৰি পত্নীক দিলে তিনি তালাক ,ঘটনাৰ পাছতেই তীব্ৰ চাঞ্চল্য জুৰীয়াত ৷

পত্ৰ প্ৰেৰণ কৰি আমছু নেতাই পত্নীক দিলে তিনি-তালাক

By

Published : Jun 15, 2019, 10:44 PM IST

জুৰীয়া,১৫জুন : জুৰীয়াত সংখ্যালঘু ছাত্ৰ নেতাৰ আজৱ কাণ্ড । ডাক যোগে পত্ৰ প্ৰেৰণ কৰি পত্নীক দিলে তালাক । এই ঘটনাৰ পাছতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ জুৰীয়াত ।

ঘটনা অনুসৰি,জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত মাহেৰীপাৰ গাঁৱৰ বাসিন্দা তথা আমছু নেতা আব্দুল লতিফে তেওঁৰ পত্নীক ডাকযোগে তিনি তালাকৰ এখন পত্ৰ প্ৰেৰণ কৰে । শুকুৰবাৰে পত্নী গৃহৰ পৰিয়ালৰ লোকে এই পত্ৰখন লাভ কৰি হতভম্ব হৈ পৰে । এটি কন্যা সন্তানৰ পিতৃ আব্দুল লতিফৰ পত্নীৰ সৈতে দীৰ্ঘদিন ধৰি মনোমালিন্য চলি আছিল । আনকি, পত্নীক যৌতুক দাবীৰে শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল আমছু নেতাজনে । ৯ জুনৰ দিনাও আমছু নেতাজনে পত্নীক শাৰীৰিক নিৰ্যাতন চলোৱাতে ক্ষান্ত নাথাকি গাত কেৰাচিন তেল ঢালি হত্যাৰ চেষ্টা চলায় । যাৰ বাবে পত্নীয়ে জুৰীয়া আৰক্ষী থানাত দাখিল কৰে এক এজাহাৰ । এই এজাহাৰৰ ভিত্তিতেই আৰক্ষী থানাত ২৩১/১৯ নম্বৰত এক গোচৰ পঞ্জীয়ন হয় নেতাজনৰ বিৰুদ্ধে । পত্নীৰ স্পষ্ট অভিযোগ, তেওঁৰ স্বামীয়ে আন এগৰাকী মহিলাৰ সৈতে ৰাখিছে সম্পৰ্ক । ইতিমধ্যে নেতাজনে সেই মহিলাগৰাকীৰ সৈতে গোপনে বিবাহ সম্পন্ন কৰিছে । স্বামীৰ নিৰ্যাতন সহ্য কৰিব নোৱাৰি মহিলাগৰাকী আশ্ৰয় লৈছে এতিয়া পিতৃগৃহৰ ।

পত্ৰ প্ৰেৰণ কৰি আমছু নেতাই পত্নীক দিলে তিনি-তালাক

কিন্তু বিজেপি চৰকাৰখনে তিনি তালাক নিষিদ্ধ কৰাৰ বাবে দৃঢ় পদক্ষেপ লৈ থকাৰ সময়তে,জুৰীয়া অঞ্চলৰ এগৰাকী তথাকথিত সংখ্যালঘু নেতাই এই ঘটনা সংঘটিত কৰা কাৰ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে সৰ্বত্ৰে । ইফালে, আমছুৱে ৰাজ্যজুৰি বাল্য বিবাহ, যৌতুক দাবী আদি কু-সংস্কাৰৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰা সংঘঠনটোৰ নেতাই সংঘটিত কৰা এই কাৰ্যত কি ব্যৱস্থা গ্ৰহণ কৰিব তাক লৈও প্ৰশ্ন উত্থাপন হৈছে একাংশৰ মাজত ।

ABOUT THE AUTHOR

...view details