অসম

assam

By

Published : Oct 27, 2019, 9:04 PM IST

Updated : Oct 27, 2019, 10:51 PM IST

ETV Bharat / city

জাতিংগা নৈত উটি গ'ল তিনিখন ট্ৰাক,নগাঁৱত ভয়াৱহ ৰূপত কপিলী

ৰাজ্যত আকৌ বানৰ সংহাৰ ৷ নগাঁৱত মথাউৰিৰ ওপৰেৰে বাগৰিছে পানী ৷

three trucks washed away in Jatinga river dima hasao

ডিমা হাছাও,নগাঁও,27 অক্টোবৰ: জাতিংগা নৈৰ বাঢ়নী পানীত উটি গ'ল তিনিখনকৈ ট্ৰাক । দেওবাৰে ৰাতিপুৱা হাৰেংগাজাও আৰু ডিটেকচৰাৰ মাজত জাতিংগা নৈত শিল কঢ়িয়াবলৈ যাওঁতে ট্ৰাককেইখনৰ এই দুৰ্ঘটনা সংঘটিত হয় । পাহাৰৰ পৰা নামি অহা তীব্ৰ পানীৰ সোঁতে ট্ৰাককেইখন উটুৱাই লৈ যায় বুলি জানিব পৰা গৈছে ৷ সৌভাগ্যক্ৰমে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই ৷ পানীৰ সোঁতে ঢুকি পোৱাৰ আগতে কোনোমতে ট্ৰাককেইখনৰ চালকসকলে নিজৰ প্ৰাণৰক্ষা কৰি আঁতৰি আহিবলৈ সক্ষম হয় ৷

ইফালে, নগাঁৱৰ বঢ়মপুৰৰ কামপুৰত কপিলী নদীয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে ৷ মথাউৰি আৰু কেইবাটাও গড়কাপ্তানী পথৰ ওপৰেদি বাগৰিছে কপিলী নৈৰ পানী ৷ কপিলীৰ পানীয়ে ন ন অঞ্চল প্লাবিত কৰিছে ৷ ইফালে বাৰেগোগা মথাউৰিলৈ তীব্ৰ সংকট নামি আহিছে ৷ মথাউৰিটোৰ ওপৰৰে পানী বাগৰি যোৱাত যিকোনো মুহূৰ্তত মথাউৰিটো ছিঙি যোৱাৰ উপক্ৰম ঘটিছে ৷ কামপুৰ যমুনামুখ সংযোগী পথৰ ওপৰত একাঁঠু পৰ্যন্ত পানী উঠাত আতংকত ভূগিছে স্থানীয় ৰাইজে ৷ কামপুৰ বকুলগুৰি কাৰ্বি আংলং সংযোগী পথৰ ওপৰেদিও বাগৰিছে বাঢ়নী পানী ৷ নৈপৰীয়া ৰাইজে সাৱধানতা অৱলম্বন কৰিছে যদিও বৰ্তমানেও জিলা প্ৰশাসনে গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই ৷

নগাঁৱৰ বঢ়মপুৰৰ কামপুৰত কপিলী নদীৰ ভয়াবহ ৰূপ ধাৰণ

কাৰ্বি আংলং জিলাৰ বোকাজানত ধনশিৰি নৈৰ বানত আক্ৰান্তক উদ্ধাৰ আৰু সাহায্যৰ ক্ষেত্ৰত দ্ৰুত পদক্ষেপ ল'বলৈ জিলা উপায়ুক্তক দেওবাৰে নিশা জৰুৰী নিৰ্দেশ দিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ সহযোগত উদ্ধাৰ অভিযান তীব্ৰতৰ কৰিবলৈ উপায়ুক্তক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ৷ আনহাতে, মন্ত্ৰী কেশৱ মহন্ত আৰু চুম ৰংহাংক বান প্ৰভাৱিত অঞ্চলত উপস্থিত হৈ পৰিস্থিতি বুজ লবলৈও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে । একেদৰে কাৰ্বি আংলং, ডিমা হাচাও আৰু গোলাঘাট জিলাৰ উপায়ুক্ত সকলক সষ্টম হৈ থাকিবলৈও নিৰ্দেশনা জাৰি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

Last Updated : Oct 27, 2019, 10:51 PM IST

ABOUT THE AUTHOR

...view details