নগাঁও, 29 অক্টোবৰ : নগাঁৱৰ সদৰ আৰু নগৰ আৰক্ষী থানাৰ সন্মুখৰ ভাৰতীয় ষ্টেট বেংকৰ এটা এটিএমভাঙি লণ্ড-ভণ্ড কৰিলে চোৰে ৷ ইয়াৰ পাচতে পুৱা আৰক্ষী উপস্থিত হৈ এটিএমৰ চাটাৰ বন্ধ কৰি দিয়ে ৷ সমগ্ৰ কাৰ্যই নগাঁও আৰক্ষী থানাৰ বিফলতাক উদঙাই দিছে ৷
নগাঁও আৰক্ষী থানাৰ সন্মুখত এটিএম ভাঙি লণ্ড-ভণ্ড চোৰৰ
নগাঁও আৰক্ষী থানাৰ সন্মুখতে থকা এটা এটিএম ভাঙি লণ্ড-ভণ্ড কৰিলে চোৰে ৷ চোৰে কিমান টকা লুটি নিলে সেয়া এই পৰ্যন্ত নিশ্চিত হোৱা নাই ৷
চোৰৰ তাণ্ডৱ
উল্লেখ্য যে,নগাঁৱৰ তুলসীমুখ দেউৰীগাঁৱত সোমবাৰে নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। এনে সময়তে সুবিধা লৈ চোৰে এটিএম ভাঙি লণ্ড-ভণ্ড কৰে ৷ অৱশ্যে চোৰে কিমান টকা লুটি নিলে সেয়া এই পৰ্যন্ত নিশ্চিত হোৱা নাই ।
লগতে পঢ়কঃপ্ৰব্ৰজিত মুছলিম সমাজক কেঁচামাল সজাব খুজিছে বেপাৰী আজমলেঃমমিনুল আৱাল
Last Updated : Oct 29, 2019, 12:03 PM IST