নগাঁও, 4 ডিচেম্বৰ :বিগত কেইবাদিন ধৰি নগাঁৱত একপ্ৰকাৰ সন্ত্ৰাস চলাই আহিছে চোৰে ৷ প্ৰায় প্ৰতি নিশাই সংঘটিত হৈ আহিছে বহুকেইটা চুৰিকাণ্ড ৷ এনে এক চুৰিকাণ্ড কৰিবলৈ গৈ হাতে লুটে ধৰা পৰিল এটা গভাইত চোৰ ৷ পাচত ৰাইজে আঁঠু কাঢ়িবলৈ বাধ্য কৰিলে চোৰক ৷
নগাঁৱত চুৰ কৰিবলৈ লৈ চোৰৰ লটিঘটি - Thief caught in Nagaon
নগাঁৱত চোৰৰ বিলৈ ৷ চুৰি কৰিবলৈ গৈ হাতে লুটে ধৰা পৰিল এটা গভাইত চোৰ ৷ কাণত ধৰি আঁঠু কঢ়ালে ৰাইজে ৷
![নগাঁৱত চুৰ কৰিবলৈ লৈ চোৰৰ লটিঘটি হাতে লুটে ধৰা পৰিল এটা গভাইত চোৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9759864-1027-9759864-1607068770482.jpg)
নগাঁৱত চুৰ কৰিবলৈ লৈ চোৰৰ লটিঘটি
শুকুৰবাৰে পুৱতি নিশা নগাঁও চহৰৰ টেলিয়াগাঁৱৰ থানেশ্বৰ বৰা নামৰ লোকজনৰ ঘৰত চুৰি কৰাৰ উদ্দেশ্যে প্ৰৱেশ কৰিছিল দীপক দাস নামৰ এটা গভাইত চোৰ । চোৰ প্ৰৱেশ কৰাৰ দৃশ্য গৃহস্থই চিচিটিভিত প্ৰত্যক্ষ কৰি চিঞৰ বাখৰ কৰাত স্থানীয় লোকৰ তৎপৰতাত আটক কৰিবলৈ সক্ষম হয় চোৰটোক । স্থানীয় লোকে ধৃত চোৰটোক কাণত ধৰাই আঁঠু কঢ়ায় পিছত গতাই দিয়ে নগাঁও আৰক্ষীক ।