অসম

assam

ETV Bharat / city

Mission Basundhara : দুদিন পিছতে সম্পন্ন হ’ব অনলাইন আবেদন প্ৰক্ৰিয়া

মাটি-বাৰীক লৈ কিবা সমস্যা আছে নেকি আপোনাৰ ? আপোনাৰ এই সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে মিছন বসুন্ধৰা(Mission Basundhara) নামেৰে এক বিশেষ পদক্ষেপ ৷ দুদিনৰ পিছতে সম্পন্ন হ’ব অনলাইন আবেদন প্ৰক্ৰিয়া ৷

By

Published : Nov 28, 2021, 2:05 PM IST

the-online-application-process-of-mission-bashundhara-has-started-at-kaliabor
Mission Basundhara : ইতিমধ্যে আৰম্ভ হৈছে অনলাইন আবেদন প্ৰক্ৰিয়া

কলিয়াবৰ, 28 নৱেম্বৰ :ৰাইজৰ মাটি-বাৰীৰ সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ ৷ মাটি-বাৰীৰ ক্ষেত্ৰত 9 টা সেৱা সামৰি ৰাজ্য চৰকাৰে সাজি উলিওৱাৰ সিদ্ধান্ত লৈছে ‘মিছন বসুন্ধৰা’(Mission Basundhara) নামেৰে এক প’ৰ্টেল ৷

চলিত বৰ্ষৰ 2 অক্টোবৰত অসম চৰকাৰৰ ৰাজহ বিভাগে মাটি-বাৰী সম্পৰ্কীয় সকলো ওজৰ-আপত্তি, নামজাৰিৰ সমস্যা আদিৰ তৎকালীন সমাধানৰ বাবে 'মিছন বসুন্ধৰা' আনুষ্ঠানিকভাৱে মুকলি কৰিছিল ৷

এই মিচনৰ জৰিয়তে অসমৰ লোকসকলে মাটি-বাৰী সমস্যা সম্পৰ্কীয় যিকোনো সমস্যা ঘৰতে বহি সমাধান কৰিব পাৰে ৷ ইতিমধ্যে মাটি-বাৰী সমস্যা সম্পৰ্কীয় যিকোনো সমস্যাৰ বাবে অনলাইনৰ জৰিয়তে মিছন বসুন্ধৰা প’ৰ্টেলৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷

সমান্তৰালভাৱে কলিয়াবৰতো আৰম্ভ হৈছে মিছন বসুন্ধৰা প’ৰ্টেলত অনলাইন আবেদন প্ৰক্ৰিয়া ৷ যাৰ ফলত বিগত দিন কেইটাত পুৱাৰে পৰা কলিয়াবৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত থকা জনসেৱা কেন্দ্ৰত ভীৰ কৰিছেহি অঞ্চলটোৰ ৰাইজে ৷ কিয়নো আৰু মাত্ৰ দুদিনৰ ভিতৰত এই আবেদন প্ৰক্ৰিয়া সমাপ্ত হ'ব ৷

দুদিন পিছতে সম্পন্ন হ’ব অনলাইন আবেদন প্ৰক্ৰিয়া

ইতিমধ্যে চৰকাৰে অসমৰ প্ৰত্যেকজন লোকক মাটি-বাৰীৰ সমস্যা সম্পৰ্কীয় যিকোনো সমস্যাৰ বাবে বসুন্ধৰা মিচন প’ৰ্টেলত অনলাইনৰ জৰিয়তে শীঘ্ৰে আবেদন কৰিবলৈ আহ্বান জনায় ৷ এই প’ৰ্টেল প্ৰস্তুতৰ বাবে ৰাজ্য চৰকাৰে ব্যয় কৰিছে প্ৰায় 209.84 কোটি টকা ৷

উল্লেখ্য যে, সকলো ধৰণৰ জটিলতা আঁতৰকৰণেৰে ৰাইজৰ ভূমি সমস্যাসমূহ নিষ্পত্তিকৰণ তথা অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সেৱাসমূহ জনসাধাৰণৰ বাবে সহজলভ্য কৰাৰ লক্ষ্যৰে বিভাগটোৰ অধীনত অসম চৰকাৰে গ্ৰহণ কৰিছে এই ‘মিছন বসুন্ধৰা’ নামেৰে এক অভিলাষী আঁচনি ৷

জনসাধাৰণে চৰকাৰী কাৰ্যালয়লৈ অহা-যোৱা নকৰাকৈ অধিকাংশ সমস্যা প’ৰ্টেলৰ জৰিয়তে সমাধান কৰাৰ পোষকতাৰে গ্ৰহণ চলিত বৰ্ষৰ 2 অক্টোবৰ তথা গান্ধী জয়ন্তীৰ দিনাখন এই প’ৰ্টেলটো অসম জনসাধাৰণৰ সুবিধাৰ্থে মুকলি কৰা হয় ৷

লগতে পঢ়ক:আৰম্ভ হ'ল 'মিছন বসুন্ধৰা পৰ্টেল'

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details