নগাঁও,27মে':ৰাজ্যত ধোঁৱাচাঙত স্বচ্ছ ভাৰত অভিযান ৷ তেনে এক দৃশ্য দেখা পোৱা গ'ল নগাঁৱত ৷ নগাঁৱত গাহৰিৰ অস্বাভাৱিক মৃত্যুৰ আতংকৰ মাজতে চৰম দায়িত্বজ্ঞানহীনতাৰ পৰিচয় দিলে নগাঁও পৌৰনিগমে ৷জানিব পৰা মতে, নগাঁও চহৰৰ খ্ৰীষ্টিয়ান পট্টিৰ ৰামকৃষ্ণ ৰোডৰ জনবসতিপূৰ্ণ অঞ্চলৰ পথৰ দাঁতিতে একাংশ গাহৰি পালকে পৌৰনিগমৰ সহযোগত পুতিছে মৃত গাহৰি ৷ এফালে আৱৰ্জনা আনফালে মৃত গাহৰিৰ দুৰ্গন্ধৰ ফলত এতিয়া এক অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত ৷ ইয়াকে লৈ ক্ষুণ্ণ হৈ পৰিছে জনবসতিপূৰ্ণ অঞ্চলটোৰ লগতে নগাঁৱৰ সচেতন মহলে ৷ আফ্ৰিকান ছোৱাইন ফ্লুয়ে সমগ্ৰ ৰাজ্যতে ভয়াবহতা সৃষ্টি কৰা আৰু নগাঁৱতো অস্বাভাৱিক হাৰত গাহৰিৰ মৃত্যুৰ সংখ্যা বৃদ্ধিৰ সময়তে নগাঁৱৰ পৌৰনিগমে এনেধৰণৰ চকু কপালত উঠা কাৰ্য কৰাৰ বিৰোধিতা কৰি অঞ্চলবাসীয়ে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৌৰনিগমক দাবী জনাইছে ৷
নগাঁও পৌৰনিগমৰ চৰম দায়িত্বজ্ঞানহীনতা : পথৰ দাঁতিতে পুতিছে মৃত গাহৰি - ৰামকৃষ্ণ ৰোড
গাঁও চহৰৰ খ্ৰীষ্টিয়ান পট্টিৰ ৰামকৃষ্ণ ৰোডৰ জনবসতিপূৰ্ণ অঞ্চলৰ পথৰ দাঁতিতে পৌৰনিগমে পুতিছে মৃত গাহৰিবোৰ ৷ এফালে আৱৰ্জনা আনফালে মৃত গাহৰিৰ দুৰ্গন্ধৰ ফলত এতিয়া এক অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত ৷
নগাঁও পৌৰনিগমৰ চৰম দায়িত্বজ্ঞানহীনতা