অসম

assam

নগাঁৱত গুণ্ডাকৰ বিচাৰি টেম্পু চালকক হাৰাশাস্তি কৰাৰ অভিযোগ

By

Published : Feb 21, 2022, 10:56 PM IST

সোমবাৰে নগাৱঁৰ ধিং গেইটত গুণ্ডাকৰ বিচাৰি টেম্পু চালকক হাৰাশাস্তি কৰাৰ অভিযোগত এটা চক্ৰৰ বিৰুদ্ধে টেম্পু চালকসকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷ এই ধনদাবী কাৰ্য্যত ধিং গেইটৰ সমীপৰ এটা ষ্টেণ্ডৰ লোক জড়িত বুলি উত্থাপিত হৈছে অভিযোগ ৷

tampo-driver-protest
নগাঁৱত গুণ্ডাকৰ বিচাৰি টেম্পু চালকক হাৰাশাস্তি কৰাৰ অভিযোগ

নগাঁও, 21 ফেব্ৰুৱাৰী :সোমবাৰে নগাৱঁৰ ধিং গেইটত গুণ্ডাকৰ বিচাৰি টেম্পু চালকক হাৰাশাস্তি কৰাৰ অভিযোগত (Illegal demand of money in Nagaon) এটা চক্ৰৰ বিৰুদ্ধে টেম্পু চালকসকলে প্ৰতিবাদ সাব্যস্ত কৰে (tempo driver protest ) ৷ ইতিমধ্যে দাবী কৰা মতেই ধন আদায় নিদিলে মাৰপিটৰো সন্মুখীন হ’বলগীয়া হয় বুলিও অভিযোগ উত্থাপন কৰিছে টেম্পু চালকসকলে ।

নগাঁৱত গুণ্ডাকৰ বিচাৰি টেম্পু চালকক হাৰাশাস্তি কৰাৰ অভিযোগ

ঘটনা অনুসৰি, দীৰ্ঘদিনৰ পৰা ধিং ৰোডত টেম্পু চলাই জীৱিকা অর্জন কৰি অহা টেম্পু চালকসকলে সম্প্ৰতি এটা চক্ৰক দিবলগীয়া হয় অতিৰিক্ত ধন । দাবী কৰা মতেই ধন আদায় নিদিলে মাৰপিটো কৰে চক্ৰটোই ৷ ইতিমধ্যেই কেইবাজনো টেম্পু চালকে চিকিৎসাধীন হ’বলগীয়া হৈছে বুলিও কেমেৰাৰ সন্মুখত মন্তব্য কৰিছে টেম্পু চালকসকলে ।

এই ধনদাবী কাৰ্য্যত ধিং গেইটৰ সমীপৰ এটা ষ্টেণ্ডৰ লোক জড়িত বুলি অভিযোগ উত্থাপন হৈছে । লগতে টেম্পু ষ্টেণ্ডৰ সন্মুখৰেই অহা যোৱা কৰাৰ বাবেই ধন আদায় দিব লাগে বুলিও অভিযোগ উত্থাপন কৰে টেম্পু চালকসকলে । ইফালে এই সন্দৰ্ভত আৰক্ষীয়েও কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপন হৈছে । যাৰ ফলত সোমবাৰে এই চক্ৰটোৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ভুক্তভোগী টেম্পু চালকসকলে (tempo driver protest ) ৷

লগতে পঢ়ক :Delimitation of constituencies: সমষ্টি পুনৰ নিৰ্ধাৰণত মুখ্যমন্ত্ৰীৰ তৎপৰতা

ABOUT THE AUTHOR

...view details