ধিং,6 নৱেম্ৱৰ: বিতৰ্কই যেন লগ এৰা নাই বিধায়ক আমিনুল ইছলামক ৷ য'তেই যায় তাতেই অঘটন ঘটে বিধায়ক আমিনুল ইছলামৰ ৷ শেহতীয়া ভাৱে ধিং সমষ্টিৰ মৈৰাবাৰীৰ হাঁহচৰাত অনুষ্ঠিত হোৱা ক্ৰিকেট খেলাত কৰা মন্তব্যৰ বাবে আকৌ বিতৰ্কৰ মাজত সোমাই পৰে বিধায়ক আমিনুল ইছলাম ৷ প্ৰয়াত আব্দুল বাৰেক সোঁৱৰণি T-20 ক্ৰিকেট মেচ খনৰ চূড়ান্ত খেলখনত সৃষ্টি হয় অপ্ৰীতিকৰ পৰিস্থিতি ৷ বিধায়ক আমিনুল ইছলামক খেলখনৰ মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ জনাইছিল ৷ কিন্তু বিধায়ক গৰাকীয়ে কৰা মন্তব্যৰ পাছতে সৃষ্টি হয় হুলস্থুল পৰিৱেশৰ ৷ বিধায়ক গৰাকীয়ে কয় যে,প্ৰয়াত আব্দুল বাৰেক সোঁৱৰণি T-20 ক্ৰিকেট মেচ খন জুৱাৰীৰ খেল ৷ তাৰ পাছতে সৰ্বত্ৰে ধিক্কাৰৰ সন্মুখীন হয় বিধায়ক আমিনুল ইছলাম ৷
আম আদমী পাৰ্টিৰ অভিযোগ মতে,বিধায়ক গৰাকীৰ ভাষণক কেন্দ্ৰ কৰি সূত্ৰপাত হৈছিল হাঁহচৰা ক্ৰিকেট মেচৰ বিসংগতি ৷ উত্তেজিত দৰ্শকে খেলপথাৰখনত আচবাব নষ্ট কৰাৰ লগতে চকীবোৰ দলিয়াই পেলাইছিল ৷ আনকি আৰক্ষী আৰু উত্তেজিত লোকৰ মাজত হতাহতিৰ দৃশ্যও পোহৰলৈ আহিছে ৷ ক'ভিড প্ৰটকল ভংগ কৰি অনুষ্ঠিত কৰা খেলখনত বিধায়ক আমিনুল ইছলাম উপস্থিত থকাৰ তথ্য পোহৰলৈ অহাৰ পাছতে ফেচবুকত তুলুঙা মন্তব্য কৰে বিধায়ক গৰাকীয়ে ৷