অসম

assam

By

Published : Oct 2, 2020, 10:40 PM IST

ETV Bharat / city

স্বচ্ছ ভাৰত অভিযানৰ প্ৰকৃত স্বৰূপ উদঙালে নগাঁও চহৰে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বচ্ছ ভাৰত অভিযানৰ প্ৰকৃত স্বৰূপ উদঙালে নগাঁও চহৰৰ মাজমজিয়াৰ কিছু দৃশ্যই ৷ ইটিভি ভাৰতৰ কেমেৰাত বন্দী হ'ল নগাঁৱৰ জাবৰৰ দ’মৰ দৃশ্য ৷ আধুনিক নগাঁও চহৰৰ মাজমজিয়াত স্বচ্ছ ভাৰতৰ ফলক আঁৰি থোৱা স্থানতে দেখা গ'ল জাবৰৰ দ'ম ৷

নগাঁও চহৰত অসফল স্বচ্ছ ভাৰত অভিযান
স্বচ্ছ ভাৰত অভিযানৰ প্ৰকৃত স্বৰূপ উদঙালে নগাঁও চহৰে

নগাঁও, 2 অক্টোবৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বচ্ছ ভাৰত অভিযানৰ প্ৰকৃত স্বৰূপ উদঙালে নগাঁও চহৰৰ মাজমজিয়াৰ কিছু দৃশ্যই ৷ ইটিভি ভাৰতৰ কেমেৰাত বন্দী হ'ল নগাঁৱৰ জাবৰৰ দমৰ দৃশ্য ৷ আধুনিক নগাঁও চহৰৰ মাজমজিয়াত স্বচ্ছ ভাৰতৰ ফলক আঁৰি থোৱা স্থানতে দেখা গ'ল জাবৰৰ দ'ম ৷

স্বচ্ছ ভাৰত অভিযানৰ প্ৰকৃত স্বৰূপ উদঙালে নগাঁও চহৰে

গান্ধীজীৰ জন্ম জয়ন্তীৰ দিনটোতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত গ্ৰহণ কৰা হ'ল চাফাই অভিযান। কিন্তু নগাঁও চহৰৰ বাট-পথ পৰিষ্কাৰ কৰাত তিলমানো গুৰুত্ব প্ৰদান নকৰিলে নগাঁও পৌৰসভাই। পৌৰসভাৰ কাৰ্যালয় চৌহদত পৰ্যাপ্ত পৰিমাণৰ বাহন আৰু কৰ্মচাৰী থকাৰ পাচতো চূড়ান্ত গাফিলতি আৰু অৱহেলাৰ বাবে দেখা গ'ল কেৱল জাৱৰৰ দ'ম। কি খ্ৰীষ্টিয়ান পট্টি, কি আমিনপট্টি, কি বৰবজাৰ । প্ৰতিটো প্ৰান্ততেই আছে জাৱৰৰ দ'ম। আনকি অতি ব্যস্ত কৃষ্ণাহল চাৰিআলিতো একেই পৰিবেশ । জাৱৰৰ দ'ম আৰু দুৰ্গন্ধময় পৰিবেশৰ মাজেৰেই পথটোৰে অতি কষ্টকৰ যাতায়ত কৰে সাধাৰণ লোকে ৷

স্থানীয় লোকৰ অভিযোগ অনুসৰি, স্বচ্ছ ভাৰতৰ বেনাৰ পোষ্টাৰেৰে প্ৰচাৰৰ নামত কিন্তু ঠিকেই খৰছ কৰিছে ৰাজকোষৰ ধন। চৰকাৰী ধন খৰছ কৰি স্বচ্ছ ভাৰতৰ ফলক আঁৰি থোৱা নগাঁও চহৰৰ মাজমজিয়াৰ ৰামকৃষ্ণ ৰোডত দুৰ্গন্ধময় জাৱৰৰ দ'ম। ৰামকৃষ্ণ ৰোডৰ এটা আবাসিক এলেকাত খোদ পৌৰসভাৰ কৰ্মচাৰীয়েই পথৰ ওপৰতে এনেদৰে জাৱৰ পেলাই বিনষ্ট কৰিছে পৰিবেশ।

জাৱৰ পৰিষ্কাৰ কৰাৰ বিপৰীতে পৌৰসভাৰ কৰ্মচাৰীয়ে জাৱৰ দ'ম কৰি আবাসিক এলেকাৰ পৰিবেশ প্ৰদূষিত কৰিলে স্বচ্ছতাৰ কথা চিন্তা কৰিব কোনে? এয়া নগাঁওবাসীৰ বাবে অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন ৷

লগতে পঢ়ক :পুনৰ ডকমকাত গণহত্যা : ডাইনীৰ সন্দেহত নৰবলি !

ABOUT THE AUTHOR

...view details