চামগুৰি, 13 অক্টোবৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চৰকাৰী ভূমি বেদখলকাৰীৰ কৱলত পৰাৰ দৰে নগাঁও জিলাৰ 1 লাখ 71 হাজাৰ 415 শ বিঘা মাটি সম্প্ৰতি বেদখলকাৰীৰ কৱলত পৰিছে ৷ অবৈধ সন্দেহযুক্ত নাগৰিকৰ দপদপনিত অতিষ্ঠ হৈ পৰিছে স্থানীয় খিলঞ্জীয়া লোকসকল ৷ এক প্ৰকাৰ খিলঞ্জীয়া লোক সকলৰ জীৱন-জীবিকাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে এইসমূহ সন্দেহযুক্ত নাগৰিকে ৷
জিলাখনৰ ধিঙৰ দাঁতিকাষৰীয়া বিভিন্ন চৰাঞ্চলত এতিয়া সন্দেহজনক লোকৰ দপদপনিৰ চলাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । অঞ্চলটোত অচিনাকী লোকৰ সঘন অত্যাচাৰত অতিষ্ঠ হৈ পৰিছে চৰাঞ্চলৰ ৰাইজ । ধিঙৰ বিভিন্ন চৰাঞ্চলত এতিয়া প্ৰতিদিনে সংঘটিত হৈছে এটাৰ পাছত আন এটা অপৰাধজনিত ঘটনা ।
প্ৰতিদিনে সংঘটিত হৈছে মাৰপিট, ধনদাবী, নাৰী নিৰ্যাতন, কৃষিভূমি বেদখলকে আদি কৰি বিভিন্ন বে-আইনী কাৰ্যকলাপ । শেহতীয়াকৈ ধনদাবীৰে মাৰপিট কৰা আন এক ঘটনা সংঘটিত হৈছে ধিঙৰ দাঁতিকাষৰীয়া মুছলিম চৰত । মুছলিম চাপৰিৰ মহম্মদ আলীৰ পৰিয়ালৰ লোকক ধনদাবী কৰি মাৰপিট কৰি হাৰাশাস্তি চলোৱা অভিযোগ উত্থাপন হৈছে একাংশ সন্দেহযুক্ত ভূ-মাফিয়াৰ বিৰুদ্ধে ।