চামগুৰি, 15 জুন : নগাঁও জিলাৰ চামগুৰিত বিসংগতিপূৰ্ণ বিদ্যুতৰ বিলক কেন্দ্ৰ কৰি মঙলবাৰে চামগুৰিৰ বৈদ্যুতিক উপ-সংমণ্ডলৰ কাৰ্যালয়ত উপস্থিত হয় একাংশ ক্ষুব্ধ গ্ৰাহক । পূৰ্বৰ বিলৰ সৈতে কোনো মিলা নথকাকৈ চামগুৰিৰ বৈদ্যুতিক উপ-সংমণ্ডলৰ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী সকলে বিদ্যুতৰ বিল প্ৰেৰণ কৰিছে বুলি অভিযোগ কৰিছে একাংশ গ্ৰাহকে।
ইফালে দীৰ্ঘদিন ধৰি চামগুৰি বৈদ্যুতিক উপ-সংমণ্ডলৰ কাৰ্যালয়ত উপস্থিত নাই উচ্চপদস্থ বিষয়া সকল ৷ এই বিসংগতিপূৰ্ণ বিদ্যুৎ বিলৰ অভিযোগ দাখিল কৰিবলৈ গৈ দিনৰ পিছত দিন ধৰি উভতি আহিবলগা হৈছে বুলি আন এক গুৰুতৰ অভিযোগ কৰিছে ৰাইজে ।
ৰাজ্যত বৰ্তি থকা ক'ভিড পৰিস্থিতিৰ মাজতে স্ব-ইচ্ছাৰে উক্ত বৈদ্যুতিক কোম্পানীৰ বিষয়া কৰ্মচাৰীয়ে বিদ্যুতৰ মাছুল বৃদ্ধি কৰা বুলি অভিযোগ উত্থাপন কৰিছে চামগুৰিৰ বৈদ্যুতিক উপ-সংমণ্ডলৰ অন্তৰ্গত অৰ্ধ শতাধিক গ্ৰাহক সকলে । এই বিষয়ে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিবলৈ কাৰ্যালয়টোত উপস্থিত নাথাকে শীৰ্ষ বিষয়াসকল ৷