অসম

assam

ETV Bharat / city

ট্ৰাই চাইকেলত জীৱন সংগ্ৰাম এজন যুৱকৰ

ট্ৰাই চাইকেলত এখন ভ্ৰাম্যমান দোকান ৷ দোকানৰ গৰাকী হ’ল ৰাজেশ ছেত্ৰী নামৰ এজন বিশেষভাৱে সক্ষম যুৱক ৷ ২০১৮ চনৰ ২৭ ফেব্ৰুৱাৰীত গুৱাহাটীৰ পৰা শিলঘাটলৈ অহাৰ পথত ৰেলৰ দুৰ্ঘটনাত শৰীৰৰ তলৰ অংশত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল যুৱকজনে ৷ তাৰ পাছতেই চিৰ দিনৰ বাবে হেৰুৱালে ভৰি দুখন ৷

By

Published : Jun 22, 2021, 10:48 PM IST

stuggleing of physically challenged kaliabar boy
ট্ৰাই চাইকেলত জীৱন সংগ্ৰাম এজন যুৱকৰ

কলিয়াবৰ, 22 মে : পেটৰ তাড়নাৰ বাবেই এখন ট্ৰাই চাইকেলতে সাজি লৈছে এখন ভ্ৰাম্যমান দোকান ৷ এই ভ্ৰাম্যমান দোকানৰ গৰাকী হ’ল ৰাজেশ ছেত্ৰী নামৰ এজন বিশেষভাৱে সক্ষম যুৱক ৷ দিনটোত চিপচ, পান মচলা বিক্ৰী কৰি যি উপাৰ্জন হয়, তাৰ দ্বাৰাই পৰিয়াল পোহপাল দিছে জখলাবন্ধাৰ বিশেষভাৱে সক্ষম যুৱকজনে ।

ট্ৰাই চাইকেলৰ ওপৰত থকা দোকানখনৰ ওপৰতেই ৰাজেশ ছেত্ৰীৰ দুবেলা-দুমুঠি নিৰ্ভৰ কৰিছে । সদা-ব্যস্ত জখলাবন্ধা চহৰৰ এখন চিনাকী মূখ এতিয়া ৰাজেশ ছেত্ৰী ৷ বিশেষভাৱে সক্ষম যুৱকজনে ট্ৰাই-চাইকেলৰ ভ্ৰাম্যমান দোকানৰে জখলাবন্ধাৰ চুকে-কোণে ঘূৰি ফুৰিছে ৷

দোকানখনত ওলোমাই ৰখা বস্তু কেইপদ সোনকালেই বিক্ৰী কৰাই একমাত্ৰ লক্ষ্য যুৱকজনৰ ৷ কিয়নো তাৰে পৰা পোৱা দুপইচাৰে তেতিয়াহে বৃদ্ধ মাতৃৰ আখলত জুই জ্বলে । উল্লেখ্য যে, ২০১৮ চনত নিয়তিৰ নিৰ্দয় আঁচোৰত ৰাজেশৰ জীৱনলৈ নামি আহিছিল ঘোৰ অমানিশা ।

ট্ৰাই চাইকেলত জীৱন সংগ্ৰাম এজন যুৱকৰ

ইয়াৰ পূৰ্বে ৰাজেশ আছিল সুন্দৰ সুঠাম যুৱক । চেন্নাইত কৰ্মৰত ৰাাজেশ ঘৰলৈ আহি থাকোতে ২০১৮ চনৰ ২৭ ফেব্ৰুৱাৰীত গুৱাহাটীৰ পৰা শিলঘাটলৈ অহা ৰেলৰ দুৰ্ঘটনাত শৰীৰৰ তলৰ অংশত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল ৰাজেশ ছেত্ৰী নামৰ যুৱকজনে ।

দুৰ্ঘটনাত পতিত হৈ আৰ্থিকভাৱে দূৰ্বল যুৱকজনে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসা হৈ সুস্থ হৈ ঘৰলৈ উভতি যায় ৷ কিন্তু দুয়োখন ভৰি হেৰুওৱা ৰাজেশে পূৰ্বৰ দৰে শাৰিৰীক পৰিশ্ৰম কৰিব নোৱাৰাত আৰ্থিকভাৱে জুৰুলা হৈ পৰে ৷ ৰেল দুৰ্ঘটনাত ভৰি হেৰুওৱা ৰাজেশে চৰকাৰৰ ফালৰ পৰা লাভ কৰে এখন ট্ৰাই চাইকেল ৷

উপায়বিহীন যুৱকজনে চৰকাৰৰ পৰা লাভ কৰা বিশেষভাৱে সক্ষম লোকৰ ট্ৰাই-চাইকেলখনতে গঢ়ি তুলিছে এখন ভ্ৰাম্যমান দোকান আৰু এতিয়া দোকানখনত উপাৰ্জন হোৱা টকাৰেই পোহপাল দি আছে নিজৰ পৰিয়ালটো । বিশেষভাৱে সক্ষম যুৱকজনে এতিয়া নতুন চৰকাৰখনক আৰ্থিকভাৱে সহায় কৰিবলৈ আহ্বান জনাইছে ৷

লগতে পঢ়ক :একনায়কত্ববাদ আৰু ফেচিবাদৰ পৰা ৰাইজ সাৱধান হওক: অখিল গগৈ

ABOUT THE AUTHOR

...view details