অসম

assam

ETV Bharat / city

ছাৰক ৫০০০ হাজাৰ টকা নিদিয়াৰ বাবেই পৰীক্ষাত ফেইল কৰাই দিছে !

ৰূপহীহাটত প্ৰধান শিক্ষক (Head Teacher)ৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ (Protest)। ধন নিদিয়াৰ বাবেই ফেইল কৰোৱাৰ অভিযোগ প্ৰধান শিক্ষকৰ বিৰুদ্ধে ।

Students Protest Against Head Teacher At Raupahihat
ছাৰক ৫০০০ হাজাৰ টকা নিদিয়াৰ বাবেই পৰীক্ষাত ফেইল কৰি দিছে !

By

Published : Aug 6, 2021, 10:23 PM IST

ৰূপহীহাট, 6 আগষ্ট : বহু জল্পনা-কল্পনাৰ অন্তত 30 জুলাইত হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC EXAM RESULT)ৰ ফলাফল ঘোষণা কৰা হয় ৷ কিন্তু পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছৰে পৰা ৰাজ্যত অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল বিসংগতি হোৱাৰ অভিযোগ কৰি ৰাজ্যৰ ঠায়ে ঠায়ে একাংশ অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে অব্যাহত ৰাখিছে প্ৰতিবাদ ৷

ৰূপহীহাটৰ কান্ধুলীমাৰিতো হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীয়ে প্ৰধান শিক্ষকৰ বিৰুদ্ধে শুকুৰাবাৰে সাব্যস্ত কৰিলে প্ৰতিবাদ (Protest)। ধন নিদিয়াৰ বাবেই ফেইল কৰোৱাৰ অভিযোগ প্ৰধান শিক্ষকৰ বিৰুদ্ধে । কান্ধুলীমাৰি ছিৰাজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় (kandhulimari sirajia higher Secondery School) অনুতীৰ্ণ হোৱা একাংশ ছাত্ৰ ছাত্ৰীয়ে শুকুৰবাৰে বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান (Slowgan) দি পৰিৱেশ উত্তাল কৰি তোলে ৷ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰি উদঙাই দিছে বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ ফোঁপোলা স্বৰূপটো ।

ছাৰক ৫০০০ হাজাৰ টকা নিদিয়াৰ বাবেই পৰীক্ষাত ফেইল কৰি দিছে !

উল্লেখ্য যে, বিদ্যালয় খনৰ প্ৰধান শিক্ষক গৰাকীয়ে ছাত্ৰ-ছাত্ৰী সকলৰ পৰা ৫০০০ হাজাৰ টকা দাবী কৰিছিল বুলি অনুত্তীৰ্ণ ছাত্ৰী-ছাত্ৰী সকলে অভিযোগ উত্থাপিত কৰিছে । ৫০০০ হাজাৰ টকা নিদিয়াৰ বাবেই প্ৰধান শিক্ষক গৰাকীয়ে ১/২ নম্বৰ কমকৈ দিছে ৷ তাৰ বাবেই ছাত্ৰ ছাত্ৰী সকল অনুতীৰ্ণ হৈছে বুলি মন্তব্য কৰিছে। তেওঁলোকে এই ঘটনাৰ উচিত তদন্ত কৰাৰ বাবে চৰকাৰক আহ্বান জনায় ৷ অৱশ্যে এই ক্ষেত্ৰত চৰকাৰ তথা শিক্ষা বিভাগে (Education Department) কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াই হ'ব লক্ষ্যণীয় ৷

লগতে পঢ়ক-সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই জ্বলালে অখিল গগৈৰ পুত্তলিকা

ABOUT THE AUTHOR

...view details