অসম

assam

ETV Bharat / city

নগাঁৱত শিক্ষয়িত্ৰীৰ চিকিৎসাৰ অনুদান বিচাৰি ৰাজপথত ছাত্ৰ সমাজ - students begging help for ill teacher in nagaon

ৰাইজৰ সহায় বিচাৰি ৰাজপথত এদল ছাত্ৰ ছাত্ৰী। জটিল ৰোগত আক্ৰান্ত এগৰাকী শিক্ষয়িত্ৰীৰ চিকিৎসাৰ খৰচৰ বাবে প্ৰয়োজন আৰ্থিক সহায়ৰ।

students begging help for ill teacher in nagaon

By

Published : Oct 26, 2019, 9:01 PM IST

নগাওঁ,26 অক্টোবৰ: শিক্ষয়িত্ৰীৰ চিকিৎসাৰ বাবে অৰ্থ সংগ্ৰহ কৰিবলৈ নগাওঁ ছোৱালী মহাবিদ্যালয়ৰ নেতৃত্বত নগাঁৱৰ কেবাখনো মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ওলাই আহিল ৰাজপথলৈ। এক জটিল ৰোগত আক্ৰান্ত নগাঁৱৰ এখন ব্যক্তিগত কণিষ্ঠ মহাবিদ্যালয়ৰ শিক্ষয়িত্ৰী ৰীতা দাস বৰদলৈ । দুয়োটা বৃক্কই বিকল হৈ সম্প্ৰতি গুৱাহাটীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন শিক্ষয়িত্ৰী ৰীতা দাস বৰদলৈ। উন্নত চিকিৎসাৰ বাবে এতিয়া শিক্ষয়িত্ৰীগৰাকীক নিব লাগে কলিকতালৈ। আৰ্থিক অভাৱত উন্নত চিকিৎসাৰ বাবে নিব পৰা নাই শিক্ষয়িত্ৰীগৰাকীক। যাৰ বাবে এতিয়া প্ৰয়োজন আপোনাৰ এধানি সহায়ৰ। শনিবাৰে নগাঁৱৰ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষয়িত্ৰীগৰাকীৰ চিকিৎসাৰ বাবে আৰ্থিক সহায় বিচাৰি ওলাই আহিছে চহৰখনৰ ৰাজপথলৈ। ছাত্ৰ-ছাত্ৰীসকলে সহায়ৰ বাবে আপোনাকো জনাইছে অনুৰোধ।

নগাঁৱত ৰাইজৰ অনুদান বিচাৰি ৰাজপথত এদল ছাত্ৰ ছাত্ৰী
বহু বিক্ষিপ্ত ঘটনাই গুৰু-শিষ্যৰ সম্পৰ্কক লৈ প্ৰশ্নৰ অৱতাৰণা কৰাৰ সময়তে নগাঁৱৰ এইসকল ছাত্ৰ ছাত্ৰীৰ গুৰু ভক্তিয়ে আকৰ্ষিত কৰিছে সকলোকে । শিক্ষয়িত্ৰীগৰাকীক আৰ্থিক সহায় কৰিব বিচৰাসকলক ভাৰতীয় ষ্টেট বেংকৰ দিগন্ত বৰদলৈৰ একাউণ্ট নম্বৰ-31917510909

IFSC-SBI0000146ত অনুদান আগবঢ়াবলৈ অনুৰোধ জনাইছে ৷

লগতে পঢ়কঃ দেৱালী উপলক্ষে 5.51 লাখ চাকিৰে উজ্বলিব অযোধ্যা

ABOUT THE AUTHOR

...view details