কলিয়াবৰ, 13 জুন:তেজপুৰত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ (Tezpur cabinet meeting) আগে-পাছে তিনিজনকৈ মন্ত্ৰী উপস্থিত হ’ল কলিয়াবৰত ৷ বৈঠকৰ আগদিনা যোগেন মহন, বৈঠকৰ পাছত অতুল বৰা আৰু শেষত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ অষ্টম বৰ্ষ সমাপ্তিৰ উপলক্ষে কলিয়াবৰত আয়োজিত এক অনুষ্ঠানত উপস্থিত থাকে নৱ-নিযুক্ত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী (Chandra Mohan Patowary visits Kaliabor)।
কলিয়াবৰৰ মিছা আঞ্চলিক মিলন সংঘত কেন্দ্ৰীয় চৰকাৰৰ অষ্টম বৰ্ষ সমাপ্তিৰ উপলক্ষে (Eight years of Modi Government) অনুষ্ঠিত হিতাধিকাৰী সন্মিলনত অংশগ্ৰহণ কৰে মন্ত্ৰী পাটোৱাৰীয়ে । কলিয়াবৰ জিলা বিজেপিৰ উদ্যোগত অনুষ্ঠিত সেৱা, সু-শাসন আৰু গৰীৱ কল্যাণ পৰ্ব তথা হিতাধিকাৰী সন্মিলনত মুখ্য অতিথি হিচাবে উপস্থিত হয় মন্ত্ৰীগৰাকী ।