অসম

assam

ETV Bharat / city

অসমত বন্ধ হ'ব লাগে ভোজপুৰী-মাৰোৱাৰী-বাঙালী ফেডাৰেশ্যন; শৃংখল চলিহাৰ হুংকাৰ

বীৰ লাচিত সেনাৰ নগাঁও জিলাৰ নতুন সমিতি গঠন । সভাত পর্যবেক্ষক হিচাপে উপস্থিত সংগঠনটোৰ কেন্দ্ৰীয় নেতা শৃংখল চলিহা। নগাঁৱত উপস্থিত হৈ শৃংখল চলিহাৰ বিস্ফোৰণ । অসমত বন্ধ কৰি দিব লাগে ভোজপুৰী, মাৰোৱাৰী, বাঙালী ফেডাৰেশ্যন । সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰৰ দাবী শৃংখল চলিহাৰ ।

srinkhal chalia
srinkhal chalia

By

Published : Oct 20, 2021, 7:08 PM IST

নগাঁও, 20 অক্টোবৰ : ‘‘অসমৰ বায়ু-পানী সেৱন কৰি অসমীয়াৰ বিৰুদ্ধে কৰা কোনো ষড়যন্ত্ৰ সহ্য কৰা নহ'ব । অসমত থাকি অসমীয়াৰ বিৰুদ্ধে সংগঠন জন্ম দিয়াটো মানি লোৱা নহ'ব । অসমত ভোজপুৰী, মাৰোৱাৰী, বাঙালী আদি ফেডাৰেশ্যন সম্পূৰ্ণৰূপে বন্ধ কৰি দিব লাগিব । ভাষাক লৈ আমি কোনো দিনে আপোচ কৰা নাই আৰু নকৰোঁ ।’’ বীৰ লাচিত সেনাৰ নগাঁও জিলা সমিতি গঠনৰ উদ্দেশ্যে নগাঁৱৰ কমলাদেৱী তোৰ্দী ভৱনত অনুষ্ঠিত এক সভাত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকি এনেদৰে হুংকাৰ প্ৰদান কৰে সংগঠনটোৰ কেন্দ্ৰীয় নেতা শৃংখল চলিহাই ।

নগাঁৱত উপস্থিত হৈ সংবাদ মাধ্যমৰ সন্মুখত কেইবাটাও বিস্ফোৰক মন্তব্য কৰিলে শৃংখল চলিহাই । সত্যৰঞ্জন বৰাৰ দৰে নেতাই অসমত সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ চেষ্টা কৰিছে বুলি মন্তব্য বীৰ লাচিত সেনাৰ নেতা গৰাকীৰ । তেওঁ কয় যে, অসমত থাকি কোনো ধৰ্মকে অপমান কৰি মন্তব্য কৰাটোও সহ্য কৰা নহ'ব ৷ ইছলাম ধৰ্ম সন্দৰ্ভত সত্যৰঞ্জনে কৰা মন্তব্য ঘৃণনীয় বুলি মন্তব্য কৰে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই ।

শৃংখল চলিহাৰ মন্তব্য

আনহাতে, শ্বহীদক অপমান কৰা বিধায়ক শ্বেৰমান আলীক যিদৰে গ্ৰেপ্তাৰ কৰিছে একেদৰে অসমত সম্প্ৰীতি বিনষ্ট কৰিব বিচৰা সত্যৰঞ্জন বৰাকো গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে শৃংখল চলিহাই ।

একেদৰে, কেন্দ্ৰৰ বিজেপি চৰকাৰকো চোকা সমালোচনা কৰে শৃংখল চলিহাই । তেওঁ কয় যে, বিজেপি চৰকাৰে আদানী আৰু আম্বানীৰ ওচৰত গণতন্ত্ৰক বিক্ৰী কৰিব বিচাৰিছে । কিন্তু দুটা গুজৰাটী বেপাৰীৰ ওচৰত দেশক বিক্ৰী কৰিবলৈ দিয়া নহ’ব । গণতন্ত্ৰত কৃষকৰ কথা চৰকাৰে শুনিব লাগিব । সৰ্বসাধাৰণৰ কথা শুনিব লাগিব । চাৰি-পাঁচজন বেপাৰীৰ কথা মতে চলা চৰকাৰ উফৰি যাবলৈ বেছি সময় নালাগিব । বেপাৰীৰ কথা মতে চৰকাৰে গণতন্ত্ৰক হত্যা কৰিব বিচাৰিছে বুলিও মন্তব্য কৰে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই ।

‘কা’ সন্দৰ্ভত শৃংখল চলিহাই কয় যে, ‘‘কা বলবৎ নহওঁতেই হিন্দু বাংলাদেশীৰ উৎপাত বৃদ্ধি পাইছে অসমত । কা বলবৎ হ'লে এই উৎপাত আৰু বাঢ়িব । সত্য কথা কোৱাৰ বাবেই আমাক জেলত ভৰালে । ভাৰতবৰ্ষৰ অন্য ৰাজ্যত কা বলবৎ কৰক আমাৰ আপত্তি নাই । কিন্তু অসমত 'কা' বলবৎ কৰিব নোৱাৰিব’’ ৷

বুধবাৰে নগাঁৱৰ কমলা দেৱী তোৰ্দী ভৱনত অনুষ্ঠিত হোৱা সভাত বীৰ লাচিত সেনাৰ নগাঁও জিলা নতুন সমিতিখন গঠন কৰা হয় । সভাপতি হিচাপে ৰূপজ্যোতি শইকীয়া, কাৰ্যকৰী সভাপতি হিচাপে অপূৰ্ব বৰা আৰু সচিব যুটীয়াভাৱে বিতোপন শইকীয়া (সাংগঠনিক) আৰু পংকজ ভূঞা (প্ৰশাসনিক)ক দায়িত্ব অৰ্পণ কৰা হৈছে । তদুপৰি তিনিজন কাৰ্যনিবাহক সদস্যক কেন্দ্ৰীয় সমিতিলৈ পঠিওৱা হৈছে । তেওঁলোক হৈছে চিৰন্তন তামুলী, প্ৰকাশ বৰুৱা আৰু চন্দন বৈৰাগী । এই নতুন সমিতিখন জাতীয় সত্বাৰ প্ৰতি দায়বদ্ধ থাকিব । নগাঁৱত খিলঞ্জীয়াৰ বিপদ হ'লে বীৰ লাচিত সেনাৰ সদস্য সকল ঠিয় দিব বুলিও মন্তব্য কৰে শৃংখল চলিহাই ।

লগতে পঢ়ক :কংগ্ৰেছ-বামপন্থীয়ে তৃতীয় পক্ষৰে ভাষিক সংঘাত সৃষ্টিৰ আখৰা চলাইছে : বিজেপি

ABOUT THE AUTHOR

...view details