অসম

assam

ETV Bharat / city

নিজে উপবাসে থাকি পথৰ কুকুৰক খাদ্য যোগান ধৰা এগৰাকী মহিলা - নিজে উপবাসে থাকি পদপথৰ কুকুৰক খাদ্য যোগান ধৰে এগৰাকী মহিলাই

এগৰাকী দৰিদ্ৰ মহিলাই দেখুৱাইছে মানৱতাৰ উৎকৃষ্ট নিদৰ্শন ৷ চকুৰেও ভালকৈ মনিব নোৱাৰা মহিলাগৰাকীয়ে খুজি মাগি এসাজ খাই আন সাজৰৰ বাবে চিন্তা কৰিব লাগে ৷ নগাঁৱৰ পুৰণিগুদামৰ গড়মুৰৰ মমী দাসে কুকুৰক প্ৰদান কৰে খুজি-মাগি পোৱা অধিকাংশ খাদ্য ৷

KIND HEARTED POOR WOMAN OF PURANIGUDAM
KIND HEARTED POOR WOMAN OF PURANIGUDAM

By

Published : Jan 2, 2021, 2:56 PM IST

নগাঁও, 2 জানুৱাৰী :এগৰাকী দৰিদ্ৰ মহিলাই দেখুৱাইছে মানৱতাৰ উৎকৃষ্ট নিদৰ্শন ৷ চকুৰেও ভালকৈ মনিব নোৱাৰা মহিলাগৰাকীয়ে খুজি মাগি এসাজ খাই আন সাজৰৰ বাবে চিন্তা কৰিব লাগে ৷ এই দৰিদ্ৰ মহিলাগৰাকী হৈছে নগাঁৱৰ পুৰণিগুদামৰ গড়মুৰৰ মমী দাস ৷ মাগিবলৈ ওলাই যোৱাৰ পৰা উভতি অহা পৰ্যন্ত প্ৰতিটো ক্ষণতে খোজনীয়া মমীক সংগ দিয়ে অঞ্চলটোৰ ভিন্ন ঠাইৰ পদপথৰ বিভিন্নটা সৰু-বৰ কুকুৰে ৷ কাৰণ মমীয়ে সঁচা অন্তৰে ভাল পাই পদপথৰ অঘৰী কুকুৰবোৰক ৷ খুজি-মাগি পোৱা অধিকাংশ খাদ্য নিজে ভোকত থাকি হ'লেও হাঁহি মুখেৰে অঞ্চলটোৰ পদপথৰ কুকুৰবোৰক প্ৰদান কৰে মমীয়ে ৷ মমীৰ হাতত হৃদয়বান লোকে গুজি দিয়া বিস্কুট-চিপছ্, ৰুটী-চিঙৰা সকলোবোৰ নিজে অনাহাৰে থাকি হ'লেও বিলাই দিয়ে অপেক্ষাৰত কুকুৰবোৰক ৷

নিজে উপবাসে থাকি পথৰ কুকুৰক খাদ্য যোগান ধৰা এগৰাকী মহিলা

লক্ষণীয়ভাবে সৰ্বসাধাৰণে তিলমানো গুৰুত্ব প্ৰদান নকৰা পদপথৰ কুকুৰৰ মৃত্যুত কান্দি উঠে মমী, উপবাসেও থাকে কেইবাদিনো ! সৰ্ৱস্বান্ত হৈয়ো অবোধ জীৱৰ প্ৰতি দেখুওৱা গভীৰ আত্মীয়তাৰ বাবে মমী এতিয়া পৰিচিত পুৰণিগুদামবাসীৰ মাজত ৷ নিজৰ আত্মীয় লোকে বহু বছৰৰ পূৰ্বে ত্যাগ কৰা মমীয়ে ক্ৰমশঃ হেৰুৱাই পেলাইছে চকুৰ দৃষ্টিশক্তিও । বিভিন্ন আঘাতেৰে জৰ্জৰিত হোৱাৰ পিছতো নিজৰ শৰীৰৰ কথা তিলমানো ভ্ৰূক্ষেপ নকৰি কেৱল নিৰ্বোধ জীৱকেইটিৰ বাবে দিনৰ দিনটো মাগি ফুৰে মমীয়ে ৷ এই মহিলাগৰাকীক উপযুক্ত চিকিৎসা প্ৰদানৰ বাবে ইচ্ছুক লোকক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে পুৰণি গুদামৰ একাংশ ক্ষুদ্ৰ ব্যৱসায়ীয়ে ।

লগতে পঢ়ক :জুক' ভেলীৰ বনজুই নিৰ্বাপনৰ বাবে সেনাৰ হেলিকপ্তাৰ প্ৰেৰণ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details