নগাঁও,31 মাৰ্চ :বৃহস্পতিবাৰে নগাঁৱৰ শিমলুগুৰি নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ অধীনত “অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰণ প্ৰকল্প" (এপার্ট) ৰ অন্তৰ্গত চলি থকা আলুৰ বীজ উৎপাদন আৰু প্ৰসাৰণ তথা জিলাখনৰ আলু খেতিয়ক সকলৰ সুবিধাৰ্থে এক বিশেষ অনুষ্ঠান আয়োজন কৰা হয় (Programme of Nagaon Krishi Vigyan Kendra on Potato Cultivation) ৷
অনুষ্ঠানটোৰ আঁত ধৰি কৃষি বিজ্ঞান কেন্দ্ৰটোৰ প্ৰধান বিজ্ঞানী তথা মুৰব্বী ড৹ নিৰঞ্জন ডেকায়ে জিলাখন আৰু ৰাজ্যখনৰ কৃষকসকলে আলুৰ খেতি কৰা সময়ত উন্নত মানৰ বীজৰ সন্ধানত পোনতে হাবাথুৰি খাবলগীয়া হয় বুলি উল্লেখ কৰে ।
লগতে কৃষক সকলৰ এই চাহিদা পূৰণ কৰিবলৈ এপাৰ্টৰ অধীনত আৰু কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ সহযোগত 2018 চনৰ পৰা যি প্ৰয়াস কৰি থকা হৈছে, তাৰে ফলস্বৰূপে বর্তমান জিলাখনত মুঠ পাঁচ (5) টা “কীট পতংগ প্ৰতিৰোধী” নেট হাউত আলুৰ কেইটামান উন্নত জাত যেনে- কুৰ্ফি সুৰিয়া, কুক্তি পোখৰাজ, লেডি ৰ'চেটা, চিপ্চ'না-1, চিপচ'না-3, য়ুচি মাপ, কুৰ্ফি জ্যোতি আৰু 40 টাতকৈ অধিক আলুৰ ক্ল'নৰ খেতি কৰিবলৈ সক্ষম হৈছে বুলিও মন্তব্য কৰে বিজ্ঞানী ড৹ নিৰঞ্জন ডেকাই ।
অনুষ্ঠানটোত উপস্থিত থাকি কেন্দ্ৰীয় আলু গৱেষণা কেন্দ্ৰ, চিমলাৰ গৃহ পৰামৰ্শদাতা ড৹ জে.এচ. মিনহাচে কৃষক সকলক বীজ উৎপাদন কৰিবলৈ উদগনি জনায় । তেওঁ কয় যে, উত্তৰ প্ৰদেশ, পাঞ্জাৱ, হিমাচলৰ কৃষকে বিঘাত যদি 60 কুইন্টল আলু উৎপাদন কৰি ব্যৱসায় কৰিব পাৰে, তেন্তে অসমীয়া কৃষকেও উন্নত মানৰ জাতসমূহ খেতিত ব্যৱহাৰ কৰি নিজৰ আয় বৃদ্ধি কৰিব পাৰে ।