কলিয়াবৰ, 12 মে’:আজি ঘোষণা হ’ল অসম আৰক্ষীৰ কনিষ্টবল পৰীক্ষাৰ ফলাফল (Assam Police Constable result) ৷ মুঠ 6,662 টা কনিষ্টবল পদৰ 2391 টা পদ ইউ বি কনিষ্টবল আৰু 4271 টা পদ এ বি কনিষ্টবলৰ । এই ফলাফল ঘোষণাৰ পিছতে ফলাফলক লৈ কলিয়াবৰত অসন্তুষ্টি প্ৰকাশ কৰিছে একাংশ প্ৰাৰ্থীয়ে ৷ বিগত 20 ফেব্ৰুৱাৰী তাৰিখে এই পৰীক্ষা অনুষ্ঠিত হৈছিল (Assam Police Recruitment) ৷
মোবাইলত লাভ কৰা ফলাফলৰ তালিকাত প্ৰাৰ্থীসকলে অনুত্তীৰ্ণ হোৱা বুলি মন্তব্য কৰে প্ৰাৰ্থীসকলে (Candidates deprives from result of Assam Police) ৷ নম্বৰ বিহীন এই ফলাফলে প্ৰাৰ্থীসকলক বিমোৰত পেলাইছে ৷ তেওলোকৰ ফলাফল যিয়েই নহওঁক, পৰীক্ষাত লাভ কৰা নম্বৰ জানিবলৈ ইচ্ছুক একাংশ প্ৰাৰ্থী । সেই লৈ কলিয়াবৰত ক্ষোভ উজাৰে একাংশ প্ৰাৰ্থীয়ে (Some candidates unsatisfied with Assam Police Constable result) ৷