অসম

assam

ETV Bharat / city

ফুল ফুলাৰ বতৰ এয়া; নানাৰঙী ফুলে মন মুহিছে প্ৰকৃতিপ্ৰেমীৰ - season flowers making the surroundings charming

বসন্তৰ পৰশত ন-সাজেৰে সাজিছে প্ৰকৃতি ৷ অপৰূপ দৃশ্যই মুহিছে প্ৰকৃতিপ্ৰেমীক ৷ ফুলৰ মেলাত মৌ-মাখিৰ মধুৰ গুঞ্জন ৷ অসমীৰ বুকুত এতিয়া ৰঙৰ সমাহাৰ ৷

Spring season arrives
Spring season arrives

By

Published : May 13, 2022, 8:49 PM IST

কলিয়াবৰ, 13 মে’: এতিয়া বসন্ত কাল ৷ বসন্তৰ বৰষুণ পাই সজীৱ হৈ উঠিছে শীতত লঠঙা হোৱা গছ-লতিকা ৷ বিৰিখত কুঁহিপাত মেলাৰ পাচতেই এতিয়া ডাল ভৰি ফুলিছে নানাৰঙী ফুল ৷ প্ৰকৃতিৰ সাজোন-কাচোনে মন-প্ৰাণ হৰিছে সকলোৰে (Spring season arrives)৷

সেউজীয়া অসমভূমিত এতিয়া চৌপাশে দেখা গৈছে ফুলৰ মেলা ৷ আকাশ শুৱাই ফুলিছে কৃষ্ণচূড়া-ৰাধাচূড়া ৷ তাৰ মাজে মাজে জেউতি চৰাইছে সোণাৰুৱেও ৷ এজাৰৰো জাক জাক ৷ প্ৰকৃতিৰ এই বিনন্দীয়া ৰূপে প্ৰেৰণা যোগায় কবি-গীতিকাৰক ৷ নতুন সৃষ্টিৰ সম্ভাৰ লাভ কৰে তেওঁলোকে ৷ গীত-কবিতাত আমি প্ৰায়ে দেখা পাওঁ এজাৰ-কৃষ্ণচূড়া কিম্বা সোণাৰুৰ সৌন্দৰ্যৰ বৰ্ণনা ৷

ফুলৰ মেলাত মৌ-মাখিৰ মধুৰ গুঞ্জন

এইসময়ত যদি আপুনি কলিয়াবৰ, বুঢ়াপাহাৰ অথবা কাজিৰঙাৰ ফালে যায়, এক মূহুৰ্তৰ বাবে হ’লেও আপোনাৰো মন যাব বিনন্দীয়া প্ৰকৃতিৰ ৰূপ-লাৱণ্যত বিলীন হ’বলৈ ৷ কিয়নো 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে এতিয়া প্ৰাণ ভৰি ফুলিছে জাক জাক কৃষ্ণচূড়া, ৰাধাচূড়া, সোণাৰো, এজাৰ (Flower blossom near NH 37) ৷ কাকডোঙাৰ দুয়োপাৰৰ কথা নক’লোৱেই যেনিবা ৷

মুঠতে নয়নাভিৰাম দৃশ্যই বিৰাজ কৰিছে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষ ৷ মানসিক ক্লান্তি দূৰ কৰি প্ৰকৃতিৰ এই মনোৰম দৃশ্যই প্ৰশান্তি কঢ়িয়াই মনলৈ ৷ হালি-জালি ফুলা ফুলবোৰে এতিয়া হাত-বাউলি মাতিছে প্ৰকৃতিপ্ৰেমীক ৷

লগতে পঢ়ক :ৰোগীৰ সেৱাত নহয়: ৰজা-ৰাণীৰ ৰূপত সেৱাকৰ্মী

ABOUT THE AUTHOR

...view details