অসম

assam

By

Published : Jun 7, 2021, 9:56 PM IST

Updated : Jun 7, 2021, 10:08 PM IST

ETV Bharat / city

নগাঁৱত মেধাবী ছাত্ৰীৰ মাজত স্কুটী প্ৰদান

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ বিধায়ক ৰূপক শৰ্মা । ক'ভিড প্ৰট'কল ৰক্ষা কৰি নগাঁৱত ছাত্ৰীৰ মাজত স্কুটী বিতৰণ বিধায়ক ৰূপক শৰ্মাৰ ।

scooty distribution in nagaon district by rupak sharma
নগাঁৱত মেধাবী ছাত্ৰীসকলক মাজত স্কুটী প্ৰদান ৰূপক শৰ্মাৰ

নগাঁও, 7 জুন : নাৰী শিক্ষাৰ উত্তৰণৰ উদ্দেশ্যে প্ৰথমবাৰৰ বাবে বিজেপি চৰকাৰেই প্ৰজ্ঞান ভাৰতীৰ অধীনত গ্ৰহণ কৰিছে ড৹ বাণীকান্ত কাকতি বঁটা । মেধা সম্পন্ন ছাত্ৰীৰ উচ্চ শিক্ষা গ্ৰহণৰ সুবিধাৰ্থে স্কুটি প্ৰদানৰ বাবে ৰাজ্যৰ বিজেপি চৰকাৰৰ প্ৰথমটো কাৰ্যকালতে চিন্তা কৰিছিল সেই সময়ৰ শিক্ষা, বিত্ত মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । সোমবাৰে নগাঁৱত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা ছাত্ৰীৰ মাজত ড৹ বাণীকান্ত কাকতি বঁটাৰ অধীনত স্কুটী প্ৰদান কৰি এই মন্তব্য কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ।

নগাঁৱত মেধাবী ছাত্ৰীসকলক মাজত স্কুটী প্ৰদান ৰূপক শৰ্মাৰ

কৰ'ণা মহামাৰীৰ এই সংকটৰ সময়ত ছাত্ৰীসকলে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত যাতে কোনো অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ২০২১ বৰ্ষৰ ড৹ বাণীকান্ত কাকতি বঁটাৰ জৰিয়তে স্কুটী প্ৰদন কাৰ্যসূচী আৰম্ভ কৰা হয় বুলিও উল্লেখ কৰে ৰূপক শৰ্মাৰ ৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা দুৰদৰ্শী চিন্তাৰ অধিকাৰী বুলি মন্তব্য কৰে বিধায়ক ৰূপক শৰ্মাই । চৰকাৰে গ্ৰহণ কৰা এই আঁচনিয়ে ছাত্ৰীসকলৰ মাজত প্ৰেৰণা যোগোৱাৰ লগতে বৃদ্ধি কৰিছে প্ৰতিযোগিতা ।

সোমবাৰে নগাঁৱৰ বেবেজীয়াত সম্পূৰ্ণ ক'ভিড প্ৰট'কল ৰক্ষা কৰি অনুষ্ঠিত হোৱা স্কুটি প্ৰদান অনুষ্ঠানত নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ শৰৎ বৰকটকী, বেবেজীয়া গাঁও পঞ্চায়তৰ সভাপতি দিগন্ত নাথসহ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক :চিকিৎসক নিগ্ৰহৰ ঘটনাক লৈ হেল্থ চিটি হাস্পতালেও সাব্যস্ত কৰিলে প্ৰতিবাদ

Last Updated : Jun 7, 2021, 10:08 PM IST

ABOUT THE AUTHOR

...view details