নগাঁও, 16 ছেপ্টেম্বৰ:ৰাজ্যত সম্প্ৰতি সকলোতে কেৱল দুৰ্নীতিৰ পয়োভৰ দেখা গৈছে ৷ শেহতীয়াকৈ ছাত্ৰ-ছাত্ৰীক চৰকাৰে যোগান ধৰা ইউনিফৰ্মৰ নামতো নগাঁৱত চলিছে কমিচনৰ এক বৃহৎ বজাৰ । ছাত্ৰ-ছাত্ৰীক চৰকাৰে যোগান ধৰা ইউনিফৰ্মো যেন এতিয়া একাংশৰ বাবে হৈ পৰিছে ধন ঘটাৰ অন্যতম সুবিধা ।
নগাঁও চহৰৰ সমীপৰ সোনাইপাৰ শিমলুগুৰি প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ- ছাত্ৰীক ইউনিফৰ্ম প্ৰদানৰ নামত বিয়াগোম কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে (School uniform scam) । ইউনিফৰ্ম নামত বিগত ২০১৯ বৰ্ষত ১,০৬,৮০০ আৰু ২০২১ বর্ষত ১১,০৪,০০ ইউনিফৰ্মৰ নামত অহা ধন বেংকৰ পৰা ধন মোকলাই নিয়া হৈছিল যদিও আজি পৰ্যন্ত ছাত্ৰ ছাত্ৰীসকলক প্ৰদান কৰা হোৱা নাই ইউনিফৰ্ম ৷
এইদৰে বেংক একাউণ্টৰ পৰা ধন মোকলাই নিয়াৰ পিছতো বিদ্যালয়খনত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীক ইউনিফৰ্মৰ পৰা বঞ্চিত কৰা কাৰ্যই সম্প্ৰতি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকলৰ মাজত । আনকি বিদ্যালয়খনৰ প্ৰধান শিক্ষক হবিবুৰ ৰহমানে 2019বৰ্ষৰ পৰা ইউনিফৰ্মৰ নামত বৃহৎ পৰিমাণৰ ধন মোকলাই নিয়াৰ পিছতো তিনি বছৰে ছাত্ৰ ছাত্ৰীক ইউনিফৰ্ম প্ৰদান নকৰাত ক্ষোভিত হৈ পৰিছে বিদ্যালয়খনৰেই একাংশ শিক্ষক-শিক্ষয়িত্ৰী ৷