নগাঁও, 14 ফেব্ৰুৱাৰী : ছৌদি আৰৱত নিৰ্যাতনৰ বলি হোৱা অসমীয়া যুৱকৰ মালিকক প্ৰদান কৰা হৈছে 18 বছৰৰ কাৰাদণ্ড ৷ হোজাইৰ মোৰাঝাৰ ৰহমত নগৰৰ যুৱক মিনাজ উদ্দিন আহমেদক নিজৰে মালিকে তালিবানী প্ৰথাৰে নিৰ্যাতন চলাই দা, গৰম লোহা প্ৰয়োগ কৰি সমগ্ৰ শৰীৰত প্ৰহাৰ কৰাৰ লগতে হত্যাৰ চেষ্টা চলাইছিল ৷ ইমানতেই ক্ষান্ত নাথাকি মিনহাজ উদ্দিনৰ কাণখন প্লাছেৰে ছিঙি পেলাইছিল ৷
এই কথা চ'ছিয়েল মিডিয়াযোগে প্ৰচাৰ হোৱাৰ পাচতে ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে মিনাজক উদ্ধাৰ কৰাৰ লগতে আৰৱী লোকজনক শাস্তি প্ৰদানৰ বাবে ছৌদি চৰকাৰক আৱেদন জনাইছিল ৷ ভাৰত চৰকাৰকো মিনাজক উদ্ধাৰৰ বাবে আজমলে দাবী জনাইছিল ৷