কলিয়াবৰ, 10 অক্টোবৰ: এইবাৰ কলিয়াবৰ লোকসভা সমষ্টি (Kaliabor Lok Sabha constituency) কংগ্ৰেছ দলৰ পৰা উদ্ধাৰৰ বাবে টঙালি বান্ধিছে ভাৰতীয় জনতা পাৰ্টীয়ে ৷ সোমবাৰে কলিয়াবৰত ভাৰতীয় জনতা পাৰ্টীৰ বুথ সশক্তিকৰণ অভিযানৰ অংশ হিচাপে অনুষ্ঠিত হোৱা এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Sarbananda Sonowal at Kaliabor) ।
কলিয়াবৰৰ জখলাবন্ধাৰ মিলন সংঘৰ (Jakhalabandha Milan Sangha) প্ৰেক্ষাগৃহত অনুষ্ঠিত এই বৈঠকৰ জৰিয়তে বিজেপি দলৰ প্ৰত্যেকজন কৰ্মীয়ে কৰা ত্যাগক স্মৰণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সমাগত লোকসভা নিৰ্বাচনৰ বাবে সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ বাবে বিজেপি দল সাজু হৈছে বুলি মন্তব্য কৰে ৷