চামগুৰি,16 ছেপ্তেম্বৰ: মুখ্যমন্ত্ৰীৰ দুৰ্নীতি বিৰোধী স্থিতিকো কেৰেপ নকৰে চামগুৰিৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ এজন লাটমণ্ডলে । বৃহস্পতিবাৰে তাৰেই প্ৰমাণ পোৱা গ'ল গোলাপ বৰা নামৰ লাটমণ্ডল জনৰ কৰ্মকাণ্ডত ৷
জানিবপৰা মতে, আব্দুল মালেক নামৰ কাৱৈমাৰীৰ এজন বয়োজ্যেষ্ঠ লোকক ২০১৮ চনৰ পৰা বৰ্তমানলৈকে মাটি কিনা বেচাৰ অনুমতি উলিয়াই দিয়াৰ নামত মণ্ডল গোলাপ বৰা আৰু কুমুদ বৰা নামৰ এজন লোকে ১৫,০০০ টকা উৎকোচ লৈ কাম কৰি দিয়া নায় ৷ যাৰ বাবে বছৰৰ পিছত বছৰ ধৰি চামগুৰি ৰাজহ চক্ৰৰ কাৰ্যালয়লৈ অহাযোৱা কৰি থাকিব লগীয়া হৈছে আব্দুল মালেক ৷
এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত সংবাদমাধ্যমৰ আগত আব্দুল মালেকে চামগুৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত মন্তব্য দি থকাৰ অৱস্থাতে দুৰ্নীতিগ্ৰস্ত লাটমণ্ডল গোলাপ বৰাই আব্দুল মালেকক ডিঙিত ধৰি গতিয়াই অপদস্থ কৰা ঘটনাই সম্প্ৰতি এক প্ৰকাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৰাজহ চক্ৰৰ কাৰ্যালয়টোত । মণ্ডল গৰাকীৰ গুণ্ডামিৰ এই সমগ্ৰ দৃশ্য বন্দি হৈ ৰৈছে সাংবাদিকৰ কেমেৰাত ।