অসম

assam

ETV Bharat / city

প্ৰফুল্ল মহন্তক পৰেশ বৰুৱাৰে ৰিজালে কোনে? - পৰেশ বৰুৱা

নগাঁও সমষ্টিৰ পৰা মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ প্ৰচাৰ চলোৱাৰ পৰিৱৰ্তে কেব বিৰোধী প্ৰাৰ্থীক ভোটদান কৰিবলৈ আহ্বান জনাইছিল প্ৰফুল্ল মহন্তই । ইয়াকে লৈ ক্ষুণ্ণ হৈ এনেদৰে দেওবাৰে ৰূপক শৰ্মাই আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰে তুলনা কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক । লগতে বঢ়মপুৰ সমষ্টিত পূৰ্বতকৈ এতিয়া প্ৰফুল্ল মহন্তৰ জনপ্ৰিয়তা হ্ৰাস পাইছে বুলিও মন্তব্য কৰে শৰ্মাই ৷

"প্ৰফুল্ল কুমাৰ মহন্ত আৰু পৰেশ বৰুৱাৰ মাজত কোনো পাৰ্থক্য নাই"-ৰূপক শৰ্মা

By

Published : May 19, 2019, 5:19 PM IST

নগাঁও,19মে': "স্বাধীন অসম বিচাৰি সশস্ত্ৰ পন্থা লোৱা পৰেশ বৰুৱা আৰু অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ মাজত কোনো পাৰ্থক্য নাই ।" লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ প্ৰকমহুৰ্তত এই বিস্ফোৰক মন্তব্য নগাঁও সদৰ সমষ্টিৰ বিধায়ক তথা লোকসভা নিৰ্বাচনৰ নগাঁৱৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাৰ । উল্লেখ্য যে লোকসভা নিৰ্বাচনত ভোটদানৰ পৰা বিৰত আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্ত ৷

"প্ৰফুল্ল কুমাৰ মহন্ত আৰু পৰেশ বৰুৱাৰ মাজত কোনো পাৰ্থক্য নাই"-ৰূপক শৰ্মা

নগাঁও সমষ্টিৰ পৰা মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ প্ৰচাৰ চলোৱাৰ পৰিৱৰ্তে কেব বিৰোধী প্ৰাৰ্থীক ভোটদান কৰিবলৈ আহ্বান জনাইছিল প্ৰফুল্ল মহন্তই । ইয়াকে লৈ ক্ষুণ্ণ হৈ এনেদৰে দেওবাৰে ৰূপক শৰ্মাই আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰে তুলনা কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক । লগতে বঢ়মপুৰ সমষ্টিত পূৰ্বতকৈ এতিয়া প্ৰফুল্ল মহন্তৰ জনপ্ৰিয়তা হ্ৰাস পাইছে বুলিও মন্তব্য কৰে শৰ্মাই ৷ আনহাতে অহা 23 মে'ত ঘোষণা কৰিবলগীয়া নিৰ্বাচনী ফলাফলত জয়ী হোৱাটো 100 শতাংশই নিশ্চিত বুলি আত্মবিশ্বাসী বিজেপি প্ৰাৰ্থীগৰাকী ৷

ABOUT THE AUTHOR

...view details