অসম

assam

By

Published : Jul 15, 2020, 5:03 PM IST

ETV Bharat / city

বানাক্ৰান্তলৈ ৰকিবুল-গৌৰৱে আনিলে চানা-পপকৰ্ণ

বানাক্ৰান্তৰ খবৰ ল'বলৈ গৈ পুনৰ চৰ্চাত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু সাংসদ গৌৰৱ গগৈ। এইবাৰ বানাক্ৰান্তৰ মাজত চিপছ পপকৰ্ণ বিতৰণ কৰিলে ৰকিবুল আৰু গৌৰৱ গগৈয়ে ।

বানাক্ৰান্তৰ মাজত ৰকিবুল-গৌৰৱৰ প’পকৰ্ণ বিতৰণ
বানাক্ৰান্তৰ মাজত ৰকিবুল-গৌৰৱৰ প’পকৰ্ণ বিতৰণ

নগাঁও, 15 জুলাই :বানৰ কবলত ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল ৷ ৰাজ্যৰ 28 খন জিলাৰ সিংহভাগ প্লাৱিত কৰিছে দ্বিতীয়টো বানে ৷ নগাঁও জিলাৰো বহু কেইটা অঞ্চল বৰ্তমান পানীৰ তলত ৷ ব্ৰহ্মপুত্ৰ আৰু কপিলী নৈৰ প্লাৱনভূমিত বসতি স্থাপন কৰা বহু লোকে বৰ্তমান ঘৰ-বাৰী এৰি আশ্ৰয় ল'ব লগীয়া হৈছে মথাউৰি নতুবা ওখ স্থানত ৷ বুধবাৰে চামগুৰি সমষ্টিৰ অন্তৰ্গত লাওখোৱা,ভূৰবন্ধাৰ অঞ্চলৰ বানাক্ৰান্ত ৰাইজৰ দুখ-দুদৰ্শাৰ খবৰ ল'লৈ অঞ্চল দুটা পৰিভ্ৰমণ কৰে বিধায়ক ৰকিবুল হুছেইন আৰু কলিয়াবৰ সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে ৷ এটা কৃষি বান্ধ মাত্ৰ দুদিন পূৰ্বে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ছিঙি নিয়াত জলমগ্ন হৈ পৰে সমগ্ৰ অঞ্চলটো ৷ বহু পৰিয়ালে এতিয়া ঘৰ-বাৰী এৰি দিন কটাইছে আশ্ৰয় শিৱিৰত । এইসকল লোকৰ খবৰ ল'বলৈ ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈ আহিল যদিও লগত নাহিল যৎকিঞ্চিতো সাহাৰ্য ৷ আনকি পৰিদৰ্শন নকৰিলে সমীপৰে কৃষিবান্ধটোৰ ভগ্নাংশও ।

গৌৰৱ গগৈৰ মন্তব্য

ইয়াৰ বিপৰীতে পূৰ্বৰ দৰে বানাক্ৰান্তক চমক দিবলৈ এইবাৰ দুয়োৱে বাচি ল'লে কেইপেকেটমান পপকৰ্ণ-চানা-চিপচ্ । অঞ্চলটোৰ বানাক্ৰান্ত ৰাইজৰ মাজত দলীয় সাহাৰ্য বিতৰণৰ বিপৰীতে একাংশ শিশুৰ মাজতহে বিতৰণ কৰিলে দহ-পাঁচ টকীয়া কেই পেকেটমান প'পকৰ্ণ-চানা আৰু চিপচ । লাওখোৱাৰ বন্যাৰ্তৰ দুখ দেখি ভাগি পৰা যেন হোৱা ৰকিবুল-গৌৰৱৰ এই কাৰ্যক লৈ আক্ষেপ স্থানীয় জনতাৰ ৷

ৰকিবুল হুছেইনৰ প্ৰতিক্ৰিয়া

প্ৰতি বছৰে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে কঙাল কৰে চামগুৰি সমষ্টিৰ অন্তৰ্গত লাওখোৱা এক বৃহত্তৰ অঞ্চল । বেলেগ নহ'লেও বানৰ বেলিকা বানাক্ৰান্ত অঞ্চলটো এপাক হ'লেও দেখা কৰি বন্যাৰ্ত ৰাইজৰ সা-খবৰ লয় গৃহ সমষ্টি কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ আৰু বিধায়ক ৰকিবুল হুছেইনে । বিপৰীতে বন্যাৰ্ত ৰাইজে জনপ্ৰতিনিধি দুগৰাকীৰ পৰা কিবা লাভ কৰক নকৰক, কিন্তু বান পৰিস্থিতিৰ বুজ ল'বলৈ আহি বিধায়ক ৰকিবুল হুছেইন সহ সাংসদ গৰাকীয়ে চাইকেল-বাইক-নাও চলাই সৃষ্টি কৰা চমকে শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছিল সংবাদ মাধ্যমত । অনুৰূপ ধৰণে এইবাৰো চামগুৰি আৰু কলিয়াবৰত গৰাখহনীয়া আৰু বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰিবলৈ ৰকিবুল হুছেইনসহ নিজ সমষ্টিত উপস্থিত হ'ল সাংসদ গৌৰৱ গগৈ। বন্যাৰ্তৰ দুখত সমভাগী হোৱাৰ লগতে কলিয়াবৰ বৰঘূলি আদি ঠাইত কংগ্ৰেছ দলৰ উদ্যোগত প্ৰদান কৰিলে বান সাহায্য ।

বানাক্ৰান্তৰ প্ৰতিক্ৰিয়া

অৱশ্যে কলিয়াবৰ সমষ্টিৰ বান-গৰাখহনীয়াৰ কথা কৈ নিজৰ সমষ্টিৰ শোচনীয় অৱস্থা ঢাকি ৰাখিবলৈ চেষ্টা কৰা বিধায়ক ৰকিবুল হুছেইনে বানাক্ৰান্ত লাওখোৱা অঞ্চলত বান সাহায্য় প্ৰদানৰ দ্বায়িত্ব মূলতঃ চৰকাৰৰ বুলিহে সদৰি কৰা দেখা গ'ল ৰাইজৰ সন্মুখত । মুঠতে লাওখোৱাৰ বন্যাৰ্তই পাৰ পাওকেই বা নাপাওক, বানত প্লাৱিত লাওখোৱাৰ ৰাইজৰ মাজত চমক সৃষ্টিৰ ধাৰাবাহিকতা এইবাৰো ৰক্ষা কৰিলে ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈয়ে ৷

লগতে চাওক-মণ্ট ব্লেংক হিমবাহত উদ্ধাৰ 1966 চনৰ ভাৰতীয় সংবাদপত্ৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details