অসম

assam

ETV Bharat / city

হোজাইত পুনৰ ডকাইতি কাণ্ড ! - ডকাইতি কাণ্ড

আনহাতে দুৰ্বৃত্তৰ আক্ৰমনত গুৰুত্বৰভাৱে আহত হৈছে দিলোৱাৰ হুছেইন আৰু তেঁওৰ পত্নী | পূৰ্বৰ ব্যৱসায়িক শত্ৰুতাৰ বাবে এনে ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে দিলৱাৰ হুছেইনে |  স্থানীয় ৰাইজ আৰু আৰক্ষীৰ সহযোগত বৰ্তমান দিলোৱাৰ আৰু তেঁওৰ পত্নী হোজাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে |

ক'ত জনসাধাৰণৰ নিৰাপত্তা?

By

Published : Oct 16, 2019, 11:10 AM IST

Updated : Oct 16, 2019, 2:05 PM IST

হোজাই, 16 অক্টোবৰঃ হোজাই জিলা লংকাৰ বৰদলংত নিশা গাড়ী ৰখাই প্ৰথমে ডকাইতি তাৰ পাচত মহিলাক ধৰ্ষণৰ অপচেষ্টা দুৰ্বৃত্তৰ |

লংকাৰ বামুণগাঁৱৰ দিলোৱাৰ হুছেইন সহ তেওঁৰ পত্নী বৰদলংৰ পৰা নিশা ১১ মান বজাত আহি থকা অৱস্থাত বৰদলংৰ দলং পাৰ হওঁতেই বিপৰীত দিশৰ পৰা অহা এখন বাহনে আগভেটি ধৰি প্ৰথমে দিলোৱাৰ হুছেইনক গাড়ীৰ পৰা নমাই চোকা অস্ত্ৰৰে আঘাত হনাৰ চেষ্টা কৰে ৷ ইয়াৰ পাচত দিলোৱাৰৰ পত্নীক গাড়ীৰ পৰা নমাই তেঁওৰ সোণৰ আ-অলংকাৰ কাঢ়ি লোৱাৰ লগতে ধৰ্ষণৰ অপচেষ্টা চলোৱাৰো অভিযোগ উত্থাপন হৈছে | পিছত দিলোৱাৰ আৰু তেওঁৰ পত্নীয়ে চিঞৰ -বাখৰ কৰাত চাৰি দুৰ্বৃত্তই ঘটনাস্থলীৰ পৰা পলাই যাবলৈ সক্ষম হয় |

ক'ত জনসাধাৰণৰ নিৰাপত্তা?

আনহাতে দুৰ্বৃত্তৰ আক্ৰমণত গুৰুত্বৰভাৱে আহত হৈছে দিলোৱাৰ হুছেইন আৰু তেঁওৰ পত্নী | পূৰ্বৰ ব্যৱসায়িক শত্ৰুতাৰ বাবে এনে ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে দিলোৱাৰ হুছেইনে | স্থানীয় ৰাইজ আৰু আৰক্ষীৰ সহযোগত বৰ্তমান দিলোৱাৰ আৰু তেওঁৰ পত্নী হোজাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে |



Last Updated : Oct 16, 2019, 2:05 PM IST

ABOUT THE AUTHOR

...view details