বটদ্ৰৱা, 19 এপ্ৰিল: নগাঁও - মৰিগাঁও সংযোগী সদাব্যস্ত গড়কাপ্তানী পথ মৰণফান্দলৈ পৰিণত হোৱাত জলা কলা খাইছে পথচাৰীয়ে ৷ তিনিদিন পূৰ্বে ধুমুহাত বাগৰি পৰা এজোপা গছ শুকুৰবাৰ পৰ্যন্ত ৰাস্তাৰ পৰা আঁতৰোৱাৰ প্ৰচেষ্টা লোৱা নাই স্থানীয় প্ৰশাসনে ৷ বৰ্তমানলৈকে কোনো কাণসাৰ দিয়া নাই বিয়াগোম গড়কাপ্তানী বিভাগেও ।
মৰণফান্দলৈ পৰিণত নগাঁও-মৰিগাঁও সংযোগী পথ
মৰণফান্দলৈ পৰিণত হৈছে নগাঁও-মৰিগাঁও সংযোগী পথ ৷ সদাব্যস্ত গড়কাপ্তানী পথটোত তিনিদিন ধৰি এজোপা গছ বাগৰি পৰি থকাত জ্বলা-কলা খাইছে পথচাৰীয়ে ৷ বহুকেইটা দুৰ্ঘটনাও সংঘটিত হৈছে পথটোত ৷
ROAD BLOCKAGE AT BATRADAVA
উপায়হীন হৈ পথচাৰীয়ে পৰি থকা গছজোপাৰ কাষেদিয়েই পাৰ হৈছে ৰাস্তাটো । প্ৰতি নিশা এই গছডালৰ বাবে আন্ধাৰত চাইকেল আৰু মটৰচাইকেল আৰোহী দুৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন হ'বলগীয়াও হৈছে ।