কলিয়াবৰ, 28 জুলাইঃ বিশ্বতে জুলাইৰ ২৮ তাৰিখে উদযাপন কৰা হয় বিশ্ব প্ৰকৃতি সংৰক্ষণ দিৱস ৷ প্ৰকৃতি সংৰক্ষণে জীৱন নিৰ্বাহৰ মানদণ্ড উন্নত কৰাৰ লগতে মানৱ জীৱনৰ প্ৰগতি আৰু বিকাশত সহায় কৰে ৷ প্ৰাকৃতিক সম্পদ সংৰক্ষণ তথা সমাজৰ প্ৰতিজন লোকৰ মাজত জাগৰণ সৃষ্টি কৰাৰ লক্ষ্যৰে সমগ্ৰ বিশ্বতে ১৯৭০ চনৰ পৰাই জুলাইৰ ২৮ তাৰিখে উদযাপন কৰা হয় বিশ্ব প্ৰকৃতি সংৰক্ষণ দিৱস ৷ প্ৰকৃতি সংৰক্ষণে জীৱন নিৰ্বাহৰ মানদণ্ড উন্নত কৰাৰ লগতে মানৱ জীৱনৰ প্ৰগতি আৰু বিকাশত সহায় কৰে ।
কলিযাবৰ মহকুমা প্ৰশাসনে প্ৰকৃতিৰ অমূল্য সম্পদ সমূহৰ সংৰক্ষণৰ বাবে ল'লে এক অভূতপূৰ্ব পদক্ষেপ। বিলুপ্তপ্ৰায় শিহু সংৰক্ষণৰ বাবে অধ্যয়ন কৰি থকা এটি তিনি জনীয়া দলৰ লগত কলিয়াবৰ মহকুমা প্ৰশাসনে বিশেষ সহযোগিতা আগবঢ়ায়। ব্ৰহ্মপুত্ৰৰ বুকুত শিহুৰ উপস্থিতিয়ে কলিয়াবৰৰ পৰ্যটকক এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশাবাদী কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতুপন নেওগ । ৰাষ্ট্ৰীয় বন্যপ্ৰাণী গৱেষণা কেন্দ্ৰৰ তত্বাৱধানত কলিয়াবৰৰ কলিয়াভোমোৰা দলঙৰ পৰা শিলঘাটৰ ব্ৰহ্মপুত্ৰত তিনিজনীয়া অধ্যয়নকাৰী দলটোৱে ৬ টাৰ পৰা ৮টা শিহুৰ অৱস্থিতি আছে বুলি জনাইছে । পৰ্যটনৰ সময়ত যাতে শিহুৰ কোনো অসুবিধা নহয় তাৰ বাবে হাত নাও ব্যৱহাৰ কৰাৰ ওপৰত দলটোৱে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই । অধ্যয়নকাৰী দলটোত আছিল মহাৰাষ্ট্ৰৰ অনুৰাগ চি ৰোকাড়ে,কেৰালাৰ মেৰিন জেকৱ আৰু অসমৰ তিতাবৰৰ অভিজিৎ কোঁৱৰ। উল্লেখযোগ্য যে,লক ডাউনৰ ফলত হোৱা প্ৰকৃতিৰ যোগাত্মক পৰিৱৰ্তনে পূৰ্বতে লুইতৰ বুকুত সততে দেখা শিহুৰ উপস্থিতি পুনৰ দেখিবলৈ পোৱা গৈছে ।