কলিয়াবৰ, 20 আগষ্ট: "এই বিষয় লৈ কেবিনেটে যি সিদ্ধান্ত লৈছে এই উন্নয়নৰ ক্ষেত্ৰত আটছাই কোনো বিৰোধ কৰা নাই ৷ আমাৰ যিসমূহ বাগিচা আছে এই বাগিছাসমূহ উচ্ছেদ কৰি যদি উন্নয়ন আৰু কোনোধৰণৰ প্ৰকল্প নিৰ্মাণৰ পৰিকল্পনা কৰে তেনেহ’লে আমি ইয়াত বাধা প্ৰদান কৰিম ৷ গোলাঘাট জিলাৰ হাতীখুলি চাহ বাগিচা আৰু নগাঁও জিলাৰ কলিয়াবৰৰ কেলিডেন চাহ বাগিচাত তাৰকাযুক্ত হোটেল নিৰ্মানৰ প্ৰকল্পক আমি আদৰণি জনাইছো ৷ কিন্তু আমি পুনৰ কৈছো যে যাতে চাহ বাগিচাসমূহ উচ্ছেদ কৰি এই প্ৰকল্পসমূহ নিৰ্মাণ হ’ব নোৱাৰিব"৷ ৰাজ্যৰ দুখনকৈ চাহ বাগিচাত বিলাসী হোটেল নিৰ্মাণৰ সিদ্ধান্তক লৈ স্পষ্টীকৰণ দিছে আটছা প্ৰতিনিধিয়ে (ATTSA React on Tea Garden Hotel Project) ৷
শেহতীয়াকৈ হোৱা কেবিনেট বৈঠকত গোলাঘাট জিলাৰ হাতীখুলি চাহ বাগিচা আৰু নগাঁও জিলাৰ কলিয়াবৰৰ কেলিডেন চাহ বাগিচাৰ ভূমিত তাৰকাযুক্ত হোটেল নিৰ্মাণ কৰা সিদ্ধান্তৰ পিছতে সষ্টম হৈছে চাহ বাগান কৰ্তৃপক্ষ আৰু স্থানীয় দল সংগঠনসমূহ (Tea Garden Hotel Project in Golaghat) ৷ এই সিদ্ধান্ত অনুসৰি বাগিচাৰ মালিকৰ পৰা ভূমি লৈ ইণ্ডিয়ান হোটেল কোম্পেনী লিমিটেড (IHCL)ক হস্তান্তৰ কৰিব চৰকাৰে (Tea Garden Hotel Project in Assam ) ৷