অসম

assam

ETV Bharat / city

নগাঁৱত ১৩ বছৰীয়া কিশোৰীক ধৰ্ষণৰ ঘটনা

নগাঁও জিলাৰ চামগুৰিৰ উদমাৰিত নিশা জঘন্য কাণ্ড ৷ ১৩ বছৰীয়া কিশোৰীৰ ধৰ্ষণ কৰিলে এটা দুবৃত্তই । ঘটনাস্থলীত উপস্থিত হোৱা একাংশ লোকে ধৰ্ষণকাৰীক আটক কৰি গতাই দিলে আৰক্ষীক ৷

By

Published : Apr 9, 2021, 10:28 PM IST

নগাঁৱত ধৰ্ষণৰ দৰে জঘন্য ঘটনা
নগাঁৱত ধৰ্ষণৰ দৰে জঘন্য ঘটনা

চামগুৰি, 9 এপ্ৰিল :শুকুৰবাৰে নিশা নগাঁও জিলাৰ চামগুৰিৰ উদমাৰিত ১৩ বছৰীয়া এগৰাকী কিশোৰীক ধৰ্ষণ কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷ বাজিয়াগাঁৱৰ মাইনুল আলী নামৰ এটা লম্পটৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছে কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে । কিশোৰী গৰাকী সন্ধিয়া পিতৃৰ কৰ্মস্থলিৰ পৰা ঘৰলৈ গৈ থকাৰ অৱস্থাত এখন নিৰ্জন পথাৰলৈ টানি আনি অসৎ কাৰ্য চৰিতাৰ্থ কৰে সমীপতে থকা ক্ৰেচাৰত কৰ্মৰত লম্পট মাইনুল আলীয়ে ৷ পিছত কিশোৰী গৰাকীৰ চিঞৰ-বাখৰ শুনি ঘটনাস্থলীত উপস্থিত হোৱা লোকে ভুক্তভোগী কিশোৰী গৰাকীক উদ্ধাৰ কৰাৰ লগতে কৰায়ত্ব কৰে লম্পট মাইনুল আলীক ৷

নগাঁৱত ধৰ্ষণৰ দৰে জঘন্য ঘটনা

ঘটনাস্থলীত উপস্থিত হোৱা একাংশ লোকে লম্পট মাইনুল আলীক উত্তম-মধ্যম সোধাই অভিযুক্তটোৱে লগত লৈ অনা বাইক খনৰ সৈতে গতাই দিয়ে চামগুৰি আৰক্ষীক ৷ঘটনাৰ সন্দৰ্ভত চামগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে৷ ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত চামগুৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷ যি সময়ত সমগ্ৰ দেশত বেটি পঢ়াও, বেটি বচাও নীতিৰে মহিলাৰ সুৰক্ষা আৰু সৱলীকৰণৰ কথা কোৱা হৈছে, ঠিক তেনে সময়তে অসমত নিতৌ সংগঠিত হৈছে নাৰীজনিত অপৰাধৰ ঘটনা ৷ একাংশ অপৰাধ প্ৰৱণ মানুহৰ বাবেই এতিয়া ঠায়ে ঠায়ে নিতৌ নিৰ্যাতিত হ'বলৈ ধৰিছে বহু সংখ্যক কিশোৰী-যুৱতী-মহিলা ৷ উল্লেখ্য যে ,ঘটনা সন্দৰ্ভত চামগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে ৷ ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত চামগুৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক :ধেমাজি বুটিকোৰত বোৱাৰী বিহুত ব্যস্ত মহিলাসকল

ABOUT THE AUTHOR

...view details