ধিং, 15 আগষ্ট : পুনৰ এক জঘন্য ঘটনাই কঁপাই গৈছে ৰাজ্য ৷ পিতৃ-জীয়েকৰ মাজৰ পৰিত্ৰ সম্পৰ্কত লাগিছে কেনা ৷ পৰ পুৰুষৰ হাতত নহয়, এইবাৰ নিজ পিতৃৰ কামনাৰ বলি হ’ব লগাত পৰিল জীয়ৰী ৷ ঘটনাৰ স্থান লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত কছাৰীবড়ী গাঁও ৷ পিতৃয়ে ধৰ্ষণ কৰিলে সতীয়া জীয়েকক । এই অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীৰ আত্মীয়ই ৷ জানিব পৰা অভিযুক্ত গৰাকীৰ নাম জনৈক আলী ৷
উল্লেখ্য যে, ভুক্তভোগী গৰাকীৰ নিজ পিতৃৰ মৃত্যুৰ পিছত মাতৃয়ে তিনি বছৰীয়া ছোৱালীজনীক লগত লৈ কছাৰীবড়ীৰ গাঁৱৰ আলীৰ লগত ১০ বছৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল । বিয়াৰ সময়ত পিতৃহাৰা কণমানিজনীৰ সম্পূৰ্ণ দ্বায়িত্ব লৈছিল অভিযুক্ত আলীয়ে । কিন্তু বিয়াৰ পিছৰে পৰাই মাতৃৰ লগতে কণমানিজনীক বিভিন্ন ধৰণে নিৰ্যাতন চলাই আহিছিল ৷
এই কথা আত্মীয়ক জানিবলৈ দিয়া নাছিল আভিযুক্তজনে ৷ আনকি বিভিন্ন সময়ত ভুক্তভোগী কিশোৰীগৰাকীৰ লগতে মাতৃকো ভয় ভাবুকি প্ৰদান কৰি আহিছিল আলীয়ে ৷ এই অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীৰ আত্মীয়ই ৷