অসম

assam

ETV Bharat / city

এগৰাকী মহানায়কৰ মহাপ্ৰস্থান হৈছে: ৰঞ্জন বেজবৰুৱা - ই টি ভি ভাৰত

বিশিষ্ট সাহিত্যিক গৰাকীৰ মৃত্যুত শোকত ম্ৰিয়মান হৈ পৰিছে ৰাজ্যবাসী ৷ জাতিৰ উন্নতিৰ চিন্তা কৰা সকলো প্ৰকাৰৰ লোককে সদায় আগবঢ়াই দিয়াৰ চেষ্টা কৰিছিল হোমেন বৰগোহাঞিয়ে বুলি মন্তব্য শিল্পী ৰঞ্জন বেজবৰুৱাৰ ৷

এগৰাকী মহানায়কৰ মহাপ্ৰস্থান হৈছেঃ শিল্পী ৰঞ্জন বেজবৰুৱা
এগৰাকী মহানায়কৰ মহাপ্ৰস্থান হৈছেঃ শিল্পী ৰঞ্জন বেজবৰুৱা

By

Published : May 12, 2021, 10:30 PM IST

নগাঁও,12 মে': বুধবাৰে পুৱা বিশিষ্ট সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞিয়ে শেষ নিশ্বাস ত্যাগ কৰে ৷ বিশিষ্ট সাহিত্যিকগৰাকীৰ মৃত্যুত শোকত ম্ৰিয়মান হৈ পৰিছে ৰাজ্যবাসী । অসমীয়া সাহিত্য জগতত অনবদ্য অৱদান আগবঢ়োৱা বিশিষ্ট সাহিত্যিক, সাংবাদিক, কথাশিল্পী হোমেন বৰগোহাঞিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে বিশিষ্ট সংস্কৃত শিল্পী ৰঞ্জন বেজবৰুৱাই ।

এগৰাকী মহানায়কৰ মহাপ্ৰস্থান হৈছে: ৰঞ্জন বেজবৰুৱা

এগৰাকী মহানায়কৰ প্ৰস্থান হোৱা বুলি ইটিভি ভাৰতৰ সন্মুখত মন্তব্য কৰিলে শিল্পী ৰঞ্জন বেজবৰুৱাই । সংস্কৃত চৰ্চাৰ ক্ষেত্ৰত হোমেন বৰগোহাঞিৰ পৰা প্ৰেৰণা লাভ কৰা বুলি উল্লেখ কৰি সংস্কৃত শিল্পী ৰঞ্জন বেজবৰুৱাই কয় "জাতিৰ উন্নতিৰ চিন্তা কৰা সকলো প্ৰকাৰৰ লোককে সদায় আগবঢ়াই দিয়াৰ চেষ্টা কৰিছিল হোমেন বৰগোহাঞিয়ে" ৷

লগতে পঢ়ক :একাপ চাহেৰে হোমেন বৰগোহাঞিলৈ যুৱ শিল্পীৰ শ্ৰদ্ধাঞ্জলি

ABOUT THE AUTHOR

...view details