নগাঁও, 28 মে’:"হিমন্ত বিশ্ব শৰ্মা পানীৰ দৰে, যি পাত্ৰত ৰাখে সেই পাত্ৰৰে আকাৰ লয়" ৷ শনিবাৰে বটদ্ৰৱা আৰক্ষী থানাত উপস্থিত হৈ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে (Rakibul Hussain in Nagaon) এইদৰে কটাক্ষ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক (Rakibul Hussain criticize on Assam CM) ৷ কেৱল কটাক্ষ কৰাই নহয়, একাংশ সংবাদমাধ্যমৰ ওপৰত জাঙুৰ খাই উঠে প্ৰাক্তন মন্ত্ৰীগৰাকী ৷
ৰকিবুল হুছেইনৰ অভিযোগ, প্ৰাক্তন মন্ত্ৰী ৰিপুণ বৰাই যেতিয়া কংগ্ৰেছ দল ত্যাগ কৰিছিল সেই সন্দৰ্ভত বিধায়কগৰাকীয়ে দিয়া মন্তব্যক বিকৃত ৰূপত একাংশ সংবাদ মাধ্যমে প্ৰকাশ কৰিছিল ৷ তাৰোপৰি সংবাদমাধ্যমে প্ৰাক্তন মন্ত্ৰীগৰাকীক শিখণ্ডী সজোৱাৰো চেষ্টা চলাইছিল বুলি বিধায়কগৰাকীয়ে মন্তব্য কৰে ৷