বঢ়মপুৰ, 25 জুন :ৰাজ্যৰ প্ৰায়ভাগ জিলাতে উন্নয়নৰ নামত এতিয়া তথৈবচ অৱস্থা ৷ দেশে স্বাধীনতাৰ 74 টা বছৰ অতিক্ৰম কৰিলে যদিও কি কংগ্ৰেছ, কি বিজেপি কোনো এখন চৰকাৰেই ৰাইজৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত সফল হ'ব পৰা নাই ৷ চৰকাৰে আঁচনিৰ নামৰ কোটি কোটি টকা খৰচ কৰে ঠিকেই কিন্তু সেই আঁচনিৰ পৰা উপকৃত নহয় ৰাইজ ৷ ইফালে দৈনন্দিন বিভিন্ন বাতৰিকাকত তথা সংবাদ মাধ্যমত সবিস্তাৰে প্ৰকাশ পাইছে চৰকাৰী আঁচনিসমূহৰ ফোপোলা স্বৰূপৰ তথ্য ৷
তেনে এক ঘটনা ঘটনা সংঘটিত হৈছে নগাঁও জিলা (Nagaon District)ৰ ৰহা সমষ্টিৰ চাংচকী গাঁৱত ৷ বিগত ৩০ বছৰ ধৰি মুকলি নহ’ল চাংচকী গাঁৱৰ এখন চিকিৎসালয় ৷ অগপ (AGP) চৰকাৰৰ কাৰ্যকালতে ৰহা সমষ্টিৰ চাংচকী গাঁৱৰ ৰাইজৰ সুবিধাৰ্থে নিৰ্মান কৰিছিল চিকিৎসালয়খন ৷ কিন্তু নিৰ্মাণৰ ৩০ বছৰ উকলি যোৱাৰ পাছতো আজিকোপতি ৰাইজে চিকিৎসা সেৱা লাভ নকৰিলে চিকিৎসালয় খনৰ পৰা ৷ বৰ্তমান হাবি জংঘলেৰে ভৰি একপ্ৰকাৰ ভূত বাংলাত পৰিণত হৈছে চিকিৎসালয়খন ৷
বহু চৰকাৰ আহিল আৰু গ'ল, কিন্তু কাৰোৱে সময় নহ'ল চিকিৎসালয়খনত উপযুক্ত চিকিৎসা সেৱাৰ ব্যৱস্থা কৰি দিবলৈ ৷