অসম

assam

কোন সঁচা, কোন মিছা ? আৰক্ষী নে প্ৰশাসনিক বিষয়া !

By

Published : Jun 16, 2020, 4:56 PM IST

নগাঁৱত কোৱাৰেণ্টাইন কেন্দ্ৰলৈ অনা যুৱকৰ মুক্ত বিচৰণক লৈ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় স্থানীয় লোকসকলৰ ৷ আনহাতে বাছৰ পৰা নামি কেইবাজনো যুৱকে পলায়নৰ চেষ্টা কৰা বুলিও অভিযোগ তুলিছে স্থানীয় লোকে ।

Quarantine Youths Walking Out Of Quarantine center At Nagaon District
কোন সঁচা, কোন মিছা আৰক্ষী নে প্ৰশাসনিক বিষয়া !

নগাঁও, 16 জুনঃ নগাঁৱৰ দক্ষিণ হয়বৰগাঁৱত থকা কোৱাৰেণ্টাইন কেন্দ্ৰলৈ অনা যুৱকৰ মুক্ত বিচৰণক লৈ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ ঘটনাস্থলীত সাংবাদিকৰ দল উপস্থিত হৈ ঘটনা সন্দৰ্ভত সোধা প্ৰশ্ন উত্তৰ দিলে ওলোটা ৷

বহিঃৰাজ্যৰ পৰা অহা বহুকেইজন যুৱকক নগাঁৱৰ নেহেৰুৱালীত স্বাৱ সংগ্ৰহ কৰাৰ পিছত প্ৰশাসনে নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত স্থাপন কৰা কোৱাৰেণ্টাইন কেন্দ্ৰত ভৰ্তি কৰিবলৈ লৈ যায় ৷ পুৱা ৫ বজাৰ পৰা বাছতে বহাই ৰখা যুৱকৰ দলটিৰ চাৰি পাঁচজন যুৱকে বাছৰ পৰা নামি মুক্ত বিচৰণ কৰি থকাক লৈ হাহাকাৰ লাগে স্থানীয় লোক সকলৰ। ঘটনাস্থলীত সাংবাদিকৰ দল উপস্থিত হৈ উক্ত কোৱাৰেন্টাইন কেন্দ্ৰত দায়িত্বত থকা এগৰাকী প্ৰশাসনিক বিষয়াই উক্ত ঘটনাটি কোনো যুৱক বাহিৰলৈ যোৱাৰ কথা অস্বীকাৰ কৰে ৷

কোন সঁচা, কোন মিছা ? আৰক্ষী নে প্ৰশাসনিক বিষয়া !

আনহাতে, বাছৰ পৰা নামি কেইবাজনো যুৱকে পলায়নৰ চেষ্টা কৰা বুলিও অভিযোগ উত্থাপন হৈছে। অৱশ্যে আদবাটৰ পৰাই ওভতাই আনিবলৈ সক্ষম হয় যুৱক কেইজনক। আনহাতে বাছৰ পৰা নামি বাহিৰলৈ পানীৰ বটল কিনিবলৈ যোৱাৰ কথা স্বীকাৰ কৰে এগৰাকী নিৰাপত্তাৰক্ষীৰ লগতে স্থানীয় মহিলায়। উক্ত ঘটনাটোৰ বাবে এতিয়া সমগ্ৰ অঞ্চলটোত তীব্ৰ কৰ'ণাতংকৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক - জয়ন্ত বৰাৰ মৃত্যুক কেন্দ্ৰ কৰি অব্যাহত আছে উত্তেজনাঃ মৃতদেহ চমজি নললে পৰিয়ালে

ABOUT THE AUTHOR

...view details