নগাঁও, 9 অক্টোবৰ : আটকধুনীয়া পূজা মণ্ডপ, প্ৰতিমা আৰু স্বচ্ছতাৰ ওপৰত ভিত্তি কৰি বিভিন্ন পূজা সমিতিক পুৰস্কৃত কৰিছে নগাঁও পৌৰসভাই । প্ৰতিমা বিসৰ্জনস্থলীত এনেদৰে বিভিন্ন পূজা সমিতিক পুৰস্কৃত কৰে নগাঁও পৌৰসভাই ৷ এই অনুষ্ঠানত প্ৰথমস্থান দখল কৰিবলৈ সক্ষম হৈছে দক্ষিণ হয়বৰ গাঁৱৰ বিবেকানন্দ পল্লী পূজা সমিতিয়ে । একেদৰে মণ্ডপ নিৰ্মাণত প্ৰথম স্থান লাভ কৰিছে নাজিৰাজান পূজা সমিতিয়ে আৰু দ্বিতীয় স্থান লাভ কৰিছে নগাঁও হিন্দু মিলন মন্দিৰ পূজা সমিতিয়ে ।
বিভিন্ন শিতানত পূজা মণ্ডপলৈ নগাঁও পৌৰসভাৰ পুৰস্কাৰ
আটকধুনীয়া পূজা মণ্ডপ, প্ৰতিমা আৰু স্বচ্ছতাৰ ওপৰত ভিত্তি কৰি বিভিন্ন পূজা সমিতিক পুৰস্কৃত কৰিছে নগাঁও পৌৰসভাই । নেহেৰুৱালীৰ দশমী ঘাটত পূজা সমিতিসমূহক বঁটা, মানপত্ৰ আৰু চেক প্ৰদান কৰে নগাঁও পৌৰসভা আৰু জিলা প্ৰশাসনে ।
বিভিন্ন শিতানত পূজা মণ্ডপলৈ নগাঁও পৌৰসভাৰ পুৰস্কাৰ
ইপিনে স্বচ্ছতাৰ শিতানত শ্ৰেষ্ঠ বঁটা লাভ কৰে বান আৰু ধুমুহাত বিধ্বস্ত গছেৰে গ্ৰীণ হাউচ নিৰ্মাণ কৰা খ্ৰীষ্টিয়ান পট্টিৰ যুৱক সমিতিয়ে । আনহাতে, নিয়মানুৱৰ্তিতাৰ শ্ৰেষ্ঠ বঁটা লাভ কৰে ছাৰ্কাছৰ পেণ্ডেলৰ আৰ্হিত পূজা মণ্ডপ নিৰ্মাণ কৰা বাঙালী সন্মিলনী পূজা সমিতিয়ে । নেহেৰুৱালীৰ দশমী ঘাটত পূজা সমিতিসমূহক বঁটা, মানপত্ৰ আৰু চেক প্ৰদান কৰে নগাঁও পৌৰসভা আৰু জিলা প্ৰশাসনে ।