অসম

assam

ETV Bharat / city

শিক্ষকৰ অনিয়মীয়া উপস্থিতিক লৈ নগাঁৱত প্ৰতিবাদ

প্ৰায়েই বিদ্যালয়ত অনিয়মীয়া শিক্ষাদান আৰু শনিবাৰে দুপৰীয়া পৰ্যন্ত শিক্ষক-শিক্ষয়িত্ৰীয়ে বিদ্যালয় বন্ধ ৰখাৰ অভিযোগ তুলি স্থানীয় ৰাইজে সাব্যস্ত কৰে এই প্ৰতিবাদ

শিক্ষকৰ অনিয়মীয়া উপস্থিতিক লৈ নগাঁৱত প্ৰতিবাদ

By

Published : Apr 27, 2019, 7:20 PM IST

নগাঁও, ২৭ এপ্ৰিলঃনগাঁৱৰ পুৰণিগুদামৰ চলচলিত শনিবাৰে পুৱা শিক্ষকৰ অনুপস্থিতিক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । স্থানীয় ৰাইজে ৪৮৩নং চলচলি বালক মোক্তাব বিদ্যালয়লৈ শিক্ষক-শিক্ষয়ত্ৰী পলমকৈ অহাৰ অভিযোগ তুলি বিদ্যালয়খনৰ গেটত তলা বন্ধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ । প্ৰায়েই বিদ্যালয়ত অনিয়মীয়া শিক্ষাদান আৰু শনিবাৰে দুপৰীয়া পৰ্যন্ত শিক্ষক-শিক্ষয়িত্ৰীয়ে বিদ্যালয় বন্ধ ৰখাৰ অভিযোগ তুলি স্থানীয় ৰাইজে সাব্যস্ত কৰে এই প্ৰতিবাদ ।

শিক্ষকৰ অনিয়মীয়া উপস্থিতিক লৈ নগাঁৱত প্ৰতিবাদ

ইয়াৰোপৰি স্থানীয় ৰাইজে ৪৮৩নং চলচলি বালক বিদ্যালয়ৰ তলা বন্ধ কৰাৰ লগতে এগৰাকী শিক্ষয়ত্ৰীক আবদ্ধ কৰিও ৰাখে । তাৰোপৰি বিদ্যালয়খনৰ সন্মুখতে থকা ৬৫৯নং চলচলি বালিকা মোক্তাব বিদ্যালয়ৰো দুগৰাকী শিক্ষয়িত্ৰীক পলমকৈ অহাৰ অভিযোগ তুলি বিদ্যালয়ৰ সন্মুখতে বহু সময় ধৰি আৱদ্ধ কৰি ৰখা পৰিলক্ষিত হয় ।

আৰু পঢ়কঃ বিজেপিত যোগদানৰ পিচত প্ৰথমটো ৰ'ড শ্ব'ত অংশগ্ৰহণ অভিনেতা ছানী দেওলৰ

আনহাতে সমগ্ৰ ঘটনা সন্দৰ্ভত শিক্ষক-শিক্ষয়ত্ৰী সকলৰ বিৰুদ্ধে থকা সকলো অভিযোগ একেমুখেই নস্যাৎ কৰে শিক্ষক-শিক্ষয়িত্ৰী সকলৰ লগতে আন একাংশ স্থানীয় লোকে । বিভাগীয় কৰ্তৃপক্ষক ঘটনা সন্দৰ্ভত উচিত তদন্তৰ দাবী জনাইছে প্ৰতিবাদকাৰীয়ে ।

ABOUT THE AUTHOR

...view details