অসম

assam

By

Published : Dec 3, 2021, 10:19 PM IST

ETV Bharat / city

অধ্যাপক ড° ভূৱন চন্দ্ৰ চুতীয়ালৈ ২০২১ বৰ্ষৰ শ্ৰেষ্ঠ ৰাজ্যিক ৰেড ৰিবন ক্লাৱ সমন্বয়ক বঁটা

নগাঁও মহাবিদ্যালয়(স্বাঃ)ৰ প্ৰাণীবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড° ভূবন চন্দ্ৰ চুতীয়াক ২০২১ বৰ্ষৰ শ্ৰেষ্ঠ ৰাজ্যিক ৰেড ৰিবন ক্লাৱ সমন্বয়ক বঁটা প্ৰদান (red ribbon club coordinator award 2021)।

World AIDS Day
World AIDS Day

নগাঁও, 3 ডিচেম্বৰ : অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিয়ে ২০২১ বৰ্ষৰ শ্ৰেষ্ঠ ৰাজ্যিক ৰেড ৰিবন ক্লাৱ সমন্বয়ক বঁটা আগবঢ়াইছে নগাঁও মহাবিদ্যালয়(স্বাঃ)ৰ প্ৰাণীবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড° ভূবন চন্দ্ৰ চুতীয়ালৈ (red ribbon club coordinator award 2021)। যোৱা ১ ডিচেম্বৰত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুস্থিত বঁটা প্ৰদান অনুষ্ঠানত ড° ভুবন চন্দ্ৰ চুতীয়াৰ হৈ নগাঁও মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক মানস জ্যোতি নিৰ্মলীয়াই এই বঁটা গ্ৰহণ কৰে ৷

অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত অভিনেত্ৰী আইমী বৰুৱাৰ পৰা এই বঁটা গ্ৰহণ কৰে মানস জ্যোতি নিৰ্মলীয়াই । উক্ত দিনাই ৰাষ্ট্ৰীয় এইডছ নিয়ন্ত্ৰণ সংস্থাই কেন্দ্ৰীয় ৰাজ্যিক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰীৰ উপস্থিতত এইডছৰ সজাগতা, ৰক্তদান আৰু টিবিৰ সজাগতাৰ ক্ষেত্ৰত আগবঢ়োৱা অসামান্য বৰঙনিৰ বাবে ড° ভূবন চন্দ্ৰ চুতীয়াক এই বঁটা প্ৰদান কৰে ৷

"বিশ্ব এইডছ দিৱস" (World AIDS Day)ৰ দিনা নতুন দিল্লীস্থিত আম্বেদকাৰ ভৱনত স্বীকৃতি পত্ৰৰ লগতে বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয় । অধ্যাপক ড° চুতীয়াৰ এই সফলতাত নগাঁও মহাবিদ্যালয়ৰ শিক্ষক সমাজৰ লগতে অধ্যক্ষ ড° শৰৎ বৰকটকীয়ে জনাইছে অভিনন্দন ।

লগতে পঢ়ক :Separate Directorate for Divyangs : আমিনগাঁৱত ঘোষণা মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details