অসম

assam

ETV Bharat / city

লাভলীনাৰ জয়ৰ বাবে গুৰুজনাৰ জন্মস্থানত নাম- কীৰ্তন - Tokyo Olympics

লাভলীনাৰ (Lovlina Borgohain) জয়ৰ বাবে গুৰুজনাৰ জন্ম স্থান বটদ্ৰৱা থানত প্ৰাৰ্থনা ৷ সকলোৰে আশা শক্তিশালী প্ৰদৰ্শনেৰে বিপৰীতপক্ষক পৰাভূত কৰি ফেইনেলত অৱতীৰ্ণ হ'ব লাভলীনা।

pray for lovlina At Nagaon Batadraba than
লাভলীনাৰ জয়ৰ বাবে গুৰুজনাৰ জন্মস্থানত নাম- কীৰ্তন

By

Published : Aug 4, 2021, 1:56 PM IST

নগাঁও, 4 আগষ্ট : টকিঅ' অলিম্পিক (Tokyo Olympics)ত বক্সিং ৰিঙত বুধবাৰে ছেমিফাইনেলত অৱতীৰ্ণ হ'ব লাভলীনা বৰগোঁহাই (Lovlina Borgohain) । লাভলীনাৰ জয়ৰ বাবে ৰাজ্যৰ বিভিন্ন মঠ, মন্দিৰ, সত্ৰ, দেৱালত চলিছে প্ৰাৰ্থনা । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান নগাঁৱৰ বটদ্ৰৱা থানতো শুভাকাংশীসকলে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে ।

লাভলীনাৰ জয়ৰ বাবে গুৰুজনাৰ জন্মস্থানত নাম- কীৰ্তন

বুধবাৰে পুৱাই বটদ্ৰৱাৰ আইমাতৃ সকলে গুৰুজনাৰ সৃষ্ট নাম-কীৰ্তন গাই লাভলীনাৰ জয়ৰ বাবে প্ৰাৰ্থনা কৰে । সকলোৰে আশা, অসম কন্যা লাভলীনাই ছেমী ফাইনেলত জয়ী হ'ব ৷ শক্তিশালী প্ৰদৰ্শনেৰে বিপৰীত পক্ষক পৰাভূত কৰি চুড়ান্ত খেলত অৱতীৰ্ণ হব। আজুৰি আনিব সোণৰ পদক।

কিন্তু মহিলা বক্সিঙৰ 69 কেজি শাখাৰ ছেমিফাইনেলত পৰাস্ত হৈ ব্ৰঞ্জ (Bronze)ৰ পদকতে থমকি ৰ’ব লগা হ’ল লাভলীনা ৷ তুৰ্কীৰ বাছেনাচ চাৰ্মেনিলৰ হাতত 5-0 ত পৰাস্ত হয় লাভলীনা বৰগোঁহাই ৷ যদিও ব্ৰঞ্জৰ পদকৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় লাভলীনাই ৷ অলিম্পিকত পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া লাভলীনা ৷

লগতে পঢ়ক - স্বৰ্ণৰ দিশে আগবাঢ়ি ব্ৰঞ্জত স্তব্ধ লাভলীনাৰ অলিম্পিক যাত্ৰা

ABOUT THE AUTHOR

...view details