কলিয়াবৰ, 20 ডিচেম্বৰ : অসম চৰকাৰৰ অভিলাষী আঁচনি 'স্বাক্ষৰ প্ৰকল্প' অধীনত ২০১৯-২০ বিত্তীয় বৰ্ষত লোকনিৰ্মাণ বিভাগে নিৰ্মাণ কৰি থকা শিৱস্থান পথৰ নিৰ্মাণ কাৰ্য্যত ব্যাপক বিসংগতি দৃষ্টিগোচৰ হৈছে । নিজ কলিয়াবৰৰ পৰা জয়ন্তীপুৰ চাৰিআলিলৈকে চলি থকা নিৰ্মাণ কাৰ্যত বিতুষ্ট হৈছে স্থানীয় ৰাইজ ।
নিজ কলিয়াবৰৰ পৰা মিৰিভেটি, বৰভকতি, দুলাল মাধৱ, বাসুদেৱবাৰী, বলোবাৰী, দলীবাৰী, পোৰাভেটি, মাধতাৰী, পূৱথৰীয়া, ভলাগুৰি, চামগুৰি হৈ জয়ন্তীপুৰলৈকে কেইবাখনো গাৱঁৰ মাজেৰে নিৰ্মাণ হৈ থকা প্ৰায় ১১ কিলোমিটাৰ পথছোৱাৰ নিম্নমানৰ কাম দেখিলে আপোনাৰ চকু কপালত উঠিব । অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ কলিয়াবৰ আৰু চামগুৰি ক্ষেত্ৰীয় পথ সংমণ্ডলৰ অধীনত পথছোৱা নিৰ্মাণৰ লগত জড়িত নগাঁৱৰ জনৈক নাহাতাৰ মালিকানাধীন ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে কৰা পথ নিৰ্মাণ অতি বিসংগতিপূৰ্ণ বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে ।